বঙাইগাঁও, 18 জুনঃ বঙাইগাঁৱৰ অভয়াপুৰীৰ চোটাকিত এটা অচিনাকি লোকৰ মৃতদেহ উদ্ধাৰ হয়। ৩১নং(খ) ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চৌটাকীৰ ৩১নং(খ) ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহটো। উক্ত ঘটনাটো স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। অচিনাক্ত লোকজন কেইদিনমানৰ পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ এই সমগ্ৰ ঘটনটাো ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উক্ত ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।