বঙাইগাওঁ, 29 এপ্ৰিল : বৃহস্পতিবাৰে পুৱাৰ ভাগত বঙাইগাঁৱৰ মাণিকপুৰত আলফা(স্বা) আৰু অসম আৰক্ষীৰ মাজত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ এই ঘটনাত নিহত হয় আলফা(স্বা)ৰ এগৰাকী শীৰ্ষ নেতা ৷
প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে বেছিমাৰীৰ কিশোৰ ৰায় নামৰ ব্যক্তিগৰাকীৰ ঘৰত দুজন আলফা কেডাৰ আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে ৷ প্ৰথমতে তেওঁলোকক উলিয়াই দিবলৈ নিৰ্দেশ দিয়ে অসম আৰক্ষীয়ে ৷ কিন্তু আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আলফা(স্বা)ৰ নেতা কেইগৰাকীয়ে ওলাই অহাৰ পৰিৱৰ্তে আৰক্ষী লক্ষ্য কৰি গুলীচালনা কৰে । পিছত আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত নিহত হয় আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডাৰ দীপেন সাউদ ৷ দৃষ্টি ৰাজকোৱাৰ স্থলাভিষিক্ত হৈছিল দীপেন সাউদ ৷ আনহাতে, আন এগৰাকী আলফা সদস্য পদুম ৰায়ক আটক কৰে আৰক্ষীয়ে ৷
আৰক্ষীয়ে দুটা 9 এম এম পিষ্টলসহ গুলী, এটা গ্ৰেণেড, 20 টা ম’বাইলসহ 35/40 হাজাৰ টকা, দুখন ছিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত ডিআইজি দিলীপ কুমাৰ দে’, আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।