ETV Bharat / state

ধন দাবী কৰি আৰক্ষীৰ জালত দুই ভুৱা NDFB কেডাৰ - Money extortion by fake NDFB cadre

বঙাইগাঁৱত ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল দুই ভুৱা এনডিএফবি কেডাৰ (Fake NDFB cadre arrested)৷ আৰক্ষীয়ে জনোৱা অনুসৰি যুৱক দুজনে কোনো সংগঠনৰ কেডাৰ নহয় ৷

ধন দাবী কৰি আৰক্ষীৰ জালত দুই ভুৱা NDFB  কেডাৰ

author img

By

Published : Jun 14, 2022, 2:07 PM IST

বঙাইগাঁও, 14 জুন : ৰাজ্যত পুনৰ সংঘটিত হৈছে ধন দাবীৰ ঘটনা (Money extortion in Bongaigaon)৷ বঙাইগাঁৱত ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল দুই ভুৱা এন ডি এফ বি কেডাৰ (Fake NDFB cadre arrested)৷

ঘটনা অনুসৰি যোৱা 7 জুন তাৰিখে বঙাইগাঁৱৰে এগৰাকী শিক্ষকলৈ দুজন অচিনাকী যুৱকে ফোন কৰি নিজে এন ডি এফ বিৰ কেডাৰ বুলি পৰিচয় দি 20 লাখ টকা দাবী কৰে (Money extortion by fake NDFB cadre)৷ তাৰ পিছত পুনৰ 10 জুন তাৰিখে যুৱক দুজনে ধন দাবী কৰে ৷ কিন্তু এইবাৰো লোকজনে ধন দিবলৈ অমান্তি হোৱাত যুৱকজনে ধনৰ পৰিমান হ্ৰাস কৰি 10 লাখ টকা দাবী কৰে ৷ অৱশেষত 13 জুনৰ দিনা পুনৰ ধন দাবী কৰি ফোন কৰোঁতে শিক্ষকগৰাকীয়ে আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰে ৷

আৰক্ষীয়ে 6 ঘণ্টাৰ ভিতৰত ফোন নম্বৰকেইটা ট্ৰেক কৰি দুই যুৱকক নিজ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুজন ক্ৰমে অভিজিৎ সৰকাৰ আৰু মিন্টু ৰায় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি যুৱক দুজনে কোনো সংগঠনৰ কেডাৰ নহয় ৷ আৰক্ষীয়ে দুই যুৱকৰ পৰা মোবাইল ফোন আৰু দুখন ছিম উদ্ধাৰ কৰে ৷ দিন হাজিৰা কৰি কোনোমতে জীৱন যাপন কৰে যুৱক দুজনে ৷ আৰক্ষীয়ে সম্প্ৰতি যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে ৷

Two fake NDFB cadres arrested for demanding money

ৰাজ্যত নিৱনুৱা সমস্যা দিনক দিনে উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ দিশে এক শ্ৰেণীৰ ডেকাচাম আকৰ্ষিত হোৱা পৰিলক্ষিত দেখা গৈছে ৷ তাৰ মাজতে একাংশ যুৱকে উগ্ৰপন্থী সংগঠনৰ নাম লৈ পৰিচয় দি অসৎ উপায় অৱলম্বন কৰি বিভিন্ন জনক ধন দাবী দি ধন ঘটাৰ সহজ পদ্ধতি গ্ৰহণ কৰা দেখা গৈছে ।

লগতে চাওক : মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী 5 অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.