বঙাইগাঁও, 8এপ্ৰিল: বঙাইগাঁৱত বৃহস্পতিবাৰে আটক কৰা হয় এটা গৰু চোৰক ৷ জানিব পৰা মতে, বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত বুধবাৰে নিশা বৰষুণৰ সুযোগ লৈ চোৰে চলাইছিল অভিযান । 2জনকৈ লোকৰ গোহালীৰ পৰা 4টাকৈ গৰু চুৰি কৰি বৃহস্পতিবাৰে পুৱতি নিশা খৰিচালা বজাৰত গৰুকেইটা বিক্ৰী কৰিছিল । ইপিনে, চাৰিওটা গৰু ৫০ হাজাৰ টকাত বিক্ৰী কৰে যদিও চোৰকেইটাই জাহিদুল ইছলাম নামৰ নিজৰে এজন সহযোগীক সেই টকাৰ ভাগ নিদিয়ে ।
যাৰ পৰিপ্ৰেক্ষিতত অন্তৰ্কন্দলত লিপ্ত হৈ জাহিদুল ইছলাম নামৰ চোৰটোৱে গৰুৰ মালিকক গৰু চুৰিৰ সমগ্ৰ ঘটনা অৱগত কৰাৰ লগতে ৰাশিদুল ইছলাম, সোমেজ উদ্দিন আৰু আন 4জন মিলি গৰু চুৰি কৰা বুলি স্বীকাৰোক্তি দিয়ে ৷ ইয়াৰ পিছতেই স্থানীয় ৰাইজে জাহিদুলক হাত ভৰি বান্ধি উত্তম মাধ্যম শোধোয় ৷ আনহাতে, ঘটনাস্থলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈ গৰুচোৰ জাহিদুলক আটক কৰি লৈ যায় । তদুপৰি আন 6জন গৰুচোৰক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰিকাণ্ড সংঘটিত হৈ আহিছিল; কিন্তু এই পৰ্যন্ত ধৰা পৰা নাছিল কোনো এটা চোৰ।
লগতে পঢ়ক:ৰহাৰ মণিপুৰটুপত ভয়ানক অগ্নিকাণ্ড