গোলাঘাট/মাণিকপুৰ, 21 আগষ্ট: টেট উত্তীৰ্ণ শিক্ষক সমাজৰ হৈ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ হোৱাটচএপ যোগে বাৰ্তা প্ৰেৰণ কৰি আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ টেট উত্তীৰ্ণ ৷ টেট উত্তীৰ্ণৰ হৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক ভাবুকি দিছিল এইসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে (TET passed candidates whatsapp messages)৷
ইয়াৰে কেইবাজনকো ইতিমধ্য আটক কৰিছে আৰক্ষীয়ে (Tet passed youth detained)৷ দেৰগাঁৱত আৰক্ষীয়ে সোধপোছ কৰি আছে চাৰিগৰাকী টেট উত্তীৰ্ণক । ইয়াৰে দেৰগাঁও থানাই দুগৰাকী আৰু কমাৰগাঁও থানাই দুগৰাকী টেট উত্তীৰ্ণক সোধ-পোছৰ বাবে আনিছে থানালৈ । আৰক্ষীৰ Cyber Department য়ে অব্যাহত ৰাখিছে সোধ-পোছ । টেট উত্তীৰ্ণ চাৰিগৰাকী যুৱক-যুৱতীক হ'ল পিংকি দলে(নাককাটি), ৰুবলী বৰা(লেমচাপৰি চমুৱা গাঁও), চোনা কুটুম আৰু টুটু লয়িং (ধনশিৰী টেমেৰা গাঁও)।
আনহাতে বঙাইগাঁৱতো আটক কৰে হয় এজন টেট উত্তীৰ্ণ প্ৰাৰ্থীক ৷ আটকাধীন প্ৰাৰ্থীজন ২নং জামদহাৰ প্ৰসেনজিৎ মাল্লা । চাকৰি বিচাৰি মুখ্যমন্ত্ৰীলৈ আন্দোলনৰ ভাবুকি দিছিল প্ৰাৰ্থীজনে (Threatened of protest by TET passed youth) । মাণিকপুৰ আৰক্ষীয়ে সোধ-পোছৰ অন্তত যাবলৈ দিয়ে প্ৰাৰ্থীজনক ৷
লগতে পঢ়ক: যোগীক শিৰচ্ছেদ কৰিব পাৰিলে দুই কোটি টকাৰ পুৰস্কাৰ ঘোষণা