মাণিকপুৰ, 4 ছেপ্টেম্বৰ : মাণিকপুৰক উপ-জিলা ঘোষণাৰ দাবীত বঙাইগাঁও জিলাৰ মাণিকপুৰত উপ-জিলা দাবী সমিতিৰ তৰফৰ পৰা সোমবাৰে এক সংবাদমেল সম্বোধন কৰা হয় ৷ সংবাদমেলত উপ-জিলা দাবী সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা নিৰ্বাচনী আয়োগৰ ওচৰত দাবী জনাই কয় যে ভৌগলিক দিশৰ পৰা চিন্তা-চৰ্চা কৰি লগতে ঠনধৰি উঠিবলৈ ধৰা মাণিকপুৰক কলিতে নামাৰি উন্নয়নৰ স্বাৰ্থত মাণিকপুৰক উপ জিলা হিচাপে ঘোষণা কৰিব লাগে ৷ মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যেৰে অহা 7 ছেপ্টেম্বৰৰ পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘন্টীয়া বৃহত্তৰ মানিকপুৰ বন্ধৰ আহ্বান জনায় ৷ লগতে 14 ছেপ্টেম্বৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে উপ জিলা দাবী সমিতিয়ে ৷
তেওঁলোকে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সৃজনগ্ৰাম আৰু অভয়াপুৰী নতুন উপ জিলাক লৈ মাণিকপুৰৰ একাংশ ব্যক্তিয়ে ৰাজনীতিকৰণ কৰি মাণিকপুৰক এক ঘোৰ অন্ধকাৰৰ দিশত ঠেলি দিছে ৷ মাণিকপুৰ সমষ্টি আৰু উপ জিলা ঘোষণা কৰা সন্দৰ্ভত মাণিকপুৰক বঞ্চিত কৰাত নিজা নিজা ভাৱত পৰিকল্পিতভাৱে লিখিত মতামত দাখিল কৰা হয় ৷ যাৰ ফলত মাণিকপুৰৰ বিপক্ষে অধিক মতামত হোৱাৰ বাবে নিৰ্বাচন আয়োগে মাণিকপুৰৰ নাম কৰ্তন কৰি সৃজনগ্ৰাম কৰে ৷
সংবাদমেলত দাবী সমিতিয়ে কয় যে, পূৰ্বৰ সীমাকে বাহাল ৰাখি মাত্ৰ নাম সলনি কৰা হ’ল সমষ্টিৰ ৷ আমি ৰাইজক অৱগত কৰাৰ স্বাৰ্থত ৰাজহুৱা কৰিছোঁ ৷ ৰাজনৈতিক নেতাৰ এই পলায়নবাদী মনোভাৱক গৰিহণা আৰু ধিক্কাৰ দিছো ৷ আমি মাণিকপুৰৰ স্বাৰ্থৰ খাতিৰত প্ৰতিবাদ কৰিছোঁ আৰু ভৱিষ্যতে প্ৰতিবাদ কৰি যাম ৷ লগতে উপ জিলা দাবী সমিতিয়ে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফল কৰি তুলিবলৈ আহ্বান জনায় সংবাদমেলত ৷
লগতে পঢ়ক : Press Meet of CPIML : পাম অইলৰ খেতি আৰু শিলসাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে তিনিচুকীয়াত চিপিআই (এমএল)ৰ সংবাদমেল