ETV Bharat / state

বঙাইগাঁৱত চোৰাং চাউল ভৰ্তি বলেৰো জব্দ - বগা চাউলৰ কলা বেহা

বঙাইগাঁৱৰ গেৰুকাবাৰী তহলদাৰী আৰক্ষীৰ সফলতা । গাড়ী সহ ২৫ কুইন্টল চাউল জব্দ ।

smuggled-rice-seized-by-police
চোৰাং চাউল ভৰ্তি বলেৰো জব্দ
author img

By

Published : Jun 9, 2021, 4:08 PM IST

বঙাইগাঁও, 9 জুন: সোমবাৰে নিশা বঙাইগাঁও জিলাৰ গেৰুকাবাৰী তহলদাৰী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰায়ৰ নেতৃত্বত অভিযান চলাই চোৰাং চাউল ভৰ্তি এখন বলেৰো গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । AS 19C 2347 নম্বৰৰ গাড়ীখনে ৫০ বস্তা চোৰাং চাউল লৈ যোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।

গাড়ীৰ লগত চালক মিজানুৰ ৰহমান আৰু হেণ্ডিমেন আনোৱাৰ হুচেইনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ইফালে চালকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে দুপৰীয়া বালাৰপেটত সূলভ মূল্যৰ দোকানী আছিৰ উদ্দিনৰ ঘৰত অভিযান চলাই ১ কুইন্টলৰো অধিক চাউল জব্দ কৰাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ জব্দ কৰে ।

চোৰাং চাউল ভৰ্তি বলেৰো জব্দ

আৰক্ষীৰ খবৰ লাভ কৰি সূলভ মুল্যৰ দোকানী পলায়ন কৰে । জানিব পৰা মতে আছিৰ উদ্দিনে দীৰ্ঘদিন ধৰি বগা চাউলৰ কলা বেহাৰে বহিঃৰাজ্য লৈ চোৰাংভাৱে চাউল প্ৰেৰণ কৰি আহিছে । চোৰাং চাউলৰ বেপাৰী আছিৰ উদ্দিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.