ETV Bharat / state

মানিকপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগ

শিক্ষকৰ বৃত্তিক কলুষিত কৰি মানিকপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগ । মুখ খুলিলে ছাত্ৰীক প্ৰাণে মৰাৰ ভাবুকি শিক্ষকৰ

মানিকপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগ
author img

By

Published : May 19, 2019, 12:46 PM IST

উত্তৰ অভয়াপুৰী, ১৯মে': বঙাইগাঁও জিলাৰ মানিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৮৪৭ নং গেৰুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী ৰতন চন্দ্ৰ দাসৰ বিৰুদ্ধে কণ কণ ছাত্ৰীৰ যৌন নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ । লগতে মুখ খুলিলে ছাত্ৰীক প্ৰাণে মৰাৰ ভাবুকি প্ৰধান শিক্ষকগৰাকীৰ । পাঠদান কৰাৰ সময়ৰ লগতে একাংশক ছাত্ৰীক পলমকৈ ছুটী দি নিৰ্যাতন চলাই অহাৰ অভিযোগ উঠিছে শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷ তাৰোপৰি মুখ খুলিলে ঘৰত গৈ ছাত্ৰীক মাৰি পেলোৱাৰ ভাবুকিও প্ৰদান কৰে প্ৰধান শিক্ষকজনে ৷

মানিকপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগ

অৱশেষত শনিবাৰে অভিভাৱক সকল একগোট হৈ বিদ্যালয়ত উপস্থিত হৈ কণ কণ ছাত্ৰী সকলৰ অভিযোগ মৰ্মে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে ৷ অতি শীঘ্ৰেই শিক্ষকগৰাকীক নিলম্বনৰ দাবী অভিভাৱক সকলৰ । উল্লেখ্য যে, ঘটনা সন্দৰ্ভত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনেও তীব্ৰ ভাষাৰে গৰিহণা জনায় আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালী খেলা প্ৰধান শিক্ষকগৰাকীক অতি শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বনৰ দাবী ছাত্ৰ ফেডাৰেছৰ সদস্যসকলে ৷

Intro:মানিকপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীৰ যৌণ নিৰ্যাতনৰ অভিযোগ।মুখ খুলিলে ছাত্ৰীক প্ৰাণে মৰাৰ ভাবুকি।প্ৰধান শিক্ষকক নিলম্বিত কৰাৰ দাবী অভিভাৱক দল সংগঠনৰ। Body:

উত্তৰ অভয়াপুৰী, ১৯মেঃ বঙাইগাওঁ জিলাৰ মানিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৮৪৭ নং গেৰুকাবাৰী প্ৰৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক *শ্ৰী ৰতন চন্দ্ৰ দাস* ৰ বিৰুদ্ধে কণ কণ ছাত্ৰীৰ এক গুৰুতৰ অভিযোগ।
বিদ্যালয়ৰ প্ৰধান শিক্ষক *শ্ৰী ৰতন চন্দ্ৰ দাস* ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰাৰ সময়ত চলায় ছাত্ৰী সকলক যৌণ নিৰ্যতন। শৰীৰৰ বিভিন্ন অংগত হাত দিয়ে প্ৰধান শিক্ষকজনে। একাংশক পলমকৈ ছুটি দি এনেদৰে নিৰ্যাতন চলাই আহিছে শিক্ষকজনে। ঘৰত গৈ মুখ খুলিলে ছাত্ৰীক মাৰি পেলোৱাৰ ভাবুকিও প্ৰদান কৰে প্ৰধান শিক্ষকজনে।
এয়াই হৈছে আমাৰ সভ্য সমাজ বিনষ্ঠ কৰা ব্যেক্তি। অভিভাবক সকলে কালি এক গোট হৈ বিদ্যালয় উপস্তিত হয় আৰু বিদ্যালয় খনৰ কণ কণ ছাত্ৰী সকলৰ অভিযোগ মৰ্মে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে। ঘটনা সন্দৰ্ভত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনায় লগতে জিলা খনৰ বিদ্যলয় পৰিদৰ্ষকক সংবাদ মাধ্যম যোগে আবেদন জনায় যে এই নিৰ্লয্য প্ৰধান শিক্ষকক অতি শিঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে অন্যথা *শ্ৰী ৰতন চন্দ্ৰ দাসৰ* নিচিনা প্ৰধান শিক্ষক বিদ্যলয়ত থাকিলে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত অন্ধকাৰ হব বুলি মত প্ৰকাশ কৰে।
Conclusion:বাইট: *ছাত্ৰী সকল*
বাইট: *ছাত্ৰীৰ অভিভাবক*
বাইট: *ছাত্ৰনেতা বেংগলী ফেডাৰেছন।*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.