ETV Bharat / state

Sensational incident in Bongaigaon: মৃতদেহ সৎকাৰ কৰাৰ পিছতেই উদ্ধাৰ জীৱিত মহিলা

author img

By

Published : Jul 21, 2022, 9:22 AM IST

এক ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে বঙাইগাঁৱৰ ভাণ্ডাৰাত । সৎকাৰৰ পিছতেই নিৰুদ্দেশ হোৱা মহিলাক উদ্ধাৰ কৰিলে জীৱিত অৱস্থাত(Missing woman found alive) ।

sensational incident took place at bhandara in bongaigaon
Sensational incident in Bongaigaon: মৃতদেহ সৎকাৰ কৰাৰ পিছতেই উদ্ধাৰ জীৱিত মহিলা

বঙাইগাঁও,২১ জুলাই: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪নং ভাণ্ডাৰাত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা । নিৰুদ্দেশ হোৱা মহিলাক হত্যা কৰা বুলি অচিনাক্ত মৃতদেহ সৎকাৰ কৰিলে পিতৃ পৰিয়ালে(Missing woman found alive) ।

ঘটনাৰ বিৱৰণী মতে ৪নং ভাণ্ডাৰাৰ দেলবৰ আলী ভূঞাৰ কন্যা হুনুফা খাতুন বালাৰচৰ গাঁৱৰ আব্দুল বাৰেকৰ লগত ৮ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল । ঈদ উপলক্ষে আব্দুল বাৰেক আৰু হুনুফা খাতুন ৬ বছৰীয়া পুত্ৰসহ শহুৰেকৰ ঘৰলৈ যায় আৰু ১৩ জুলাইত আব্দুল বাৰেক স্ত্ৰী আৰু পুত্ৰক শহুৰেকৰ ঘৰত থৈ নিজ ঘৰলৈ উভতি আহে । কিন্তু ১৪ জুলাইত মহিলাগৰাকীৰ জেষ্ঠ ভাতৃয়ে স্বামী গৃহলৈ আগবঢ়াই দিয়াৰ পাছৰ পৰাই মহিলাগৰাকী পুত্ৰসহ নিৰুদ্দেশ হয় ।

মৃতদেহ সৎকাৰ কৰাৰ পিছতেই উদ্ধাৰ জীৱিত মহিলা

মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতেই তেওঁৰ পিতৃ আৰু স্বামী পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও সন্ধান নাপায় । এই সময়চোৱাতে ১৮ জুলাইত কামৰূপ জিলাৰ নগৰবেৰাৰ জলজলী নৈত বস্তাত ভৰাই থোৱা অৱস্থাত অৰ্ধগলিত এটি অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । সেই মৃতদেহটো হুনুফা খাতুনৰ পিতৃ পৰিয়ালে হুনুফাৰ বুলি দাবী কৰি মৰনোত্তৰ পৰীক্ষা কৰি ঘৰলৈ লৈ আহে । মৃতদেহটো ঘৰলৈ অনাৰ পাছত স্বামীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি ধৰ্মীয় ৰীতি নীতি মতে মৃতদেহটো কবৰস্থ কৰে ।

কিন্তু মৃতদেহটো কৱৰস্থ কৰাৰ পিছতেই হুনুফা খাতুন পুত্ৰসহ পিতৃৰ ঘৰত আহি উপস্থিত হয় । জানিব পৰামতে মহিলাগৰাকী এলেংবাৰীলৈ গৈ ৬ দিন সময় অতিবাহিত কৰি ঘৰলৈ ওভতি আহে । মহিলাগৰাকী পিতৃগৃহত উপস্থিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । ইফালে মহিলা গৰাকীৰ পিতৃ পৰিয়ালে স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ৬ জন লোকৰ বিৰুদ্ধে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে দিনে নিশাই স্বামী পৰিয়ালক বিভিন্ন ধৰনে হাৰাশাস্তি কৰি আহিছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক অভায়পুৰীলৈ লৈ যায় ।

লগতে পঢ়ক: Siddek Ahmed Visit Eviction Land: উচ্ছেদস্থলী পৰিদৰ্শন বিধায়ক চিদ্দেক আহমদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.