ETV Bharat / state

ধন নিদিলে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নকৰোৱাৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 4:08 PM IST

অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰোৱাৰ নামত 500-1000 টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ধন নিদিয়া মহিলাক যোগ্যতা থকা স্বত্তেও আঁচনিৰ অন্তৰ্ভুক্ত নকৰোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

Manikpur Arunodoi scam
মাণিকপুৰ অৰুণোদয় আঁচনি
ধন নিদিলে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তি নকৰোৱাৰ অভিযোগ

মাণিকপুৰ, 21 নৱেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাঢ়া নিৰ্দেশকো কেৰেপ নকৰে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে । বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মাণিকপুৰ গাঁও পঞ্চায়তত অৰুণোদয় 2.0 আঁচনিৰ হিতাধিকাৰী বাচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

মঙলবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় 2.o আঁচনিৰ পৰা বঞ্চিত লোকসকলে মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে পঞ্চায়তখনৰ একাংশ বিধৱা মহিলাৰ লগতে বিকলাংগ আৰু যোগ্য মহিলাক বঞ্চিত কৰি পঞ্চায়তখনৰ একাংশ ৱাৰ্ড সদস্যৰ পত্নীৰ নামত অৰুণোদয় 2.o আঁচনি অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকসকলে ।

ইয়াৰ উপৰিও মাণিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হিতাধিকাৰীসকলে অৰুণোদয় 2.0 আঁচনিত আবেদন কৰাৰ নামত ৫০০-১০০ টকা দিব নোৱাৰিলে আচঁনিত অন্তৰ্ভুক্ত নহয় বুলি অভিযোগ উত্থাপন কৰে একাংশ বিধৱা মহিলা, বিকলাংগ মহিলাসকলে । ইয়াৰোপৰি অভিযোগকাৰীয়ে উল্লেখ কৰে যে কিছুদিন পূৰ্বে মাণিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ দুৰ্নীতিৰ অভিযোগত মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক নিলম্বন কৰা হৈছিল । তথাপিও মাণিকপুৰ গাঁও পঞ্চায়তত দুৰ্নীতি বন্ধ হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।

মঙলবাৰে খণ্ড উন্নয়ন বিষয়াই অভিযোগকাৰীসকলৰ আবেদনপ্ৰত্ৰ গ্ৰহণ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ তেওঁ আশ্বাস দিয়ে যে অভিযোগকাৰী মহিলাসকলৰ যোগ্য়তা পৰীক্ষা কৰি পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰোৱা হ’ব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সততে কৈ থকা দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা ভেকোঁভাওনাত পৰিনত হৈছে নেকি ? সেয়া বৰ্তমান সময়ত লাখ টকীয়া প্ৰশ্ন ।

লগতে পঢ়ক : নলবাৰীত ৰেস্তোঁৰাত ঘোচ লৈ গ্ৰেপ্তাৰ জোখ-মাখ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.