ETV Bharat / state

খাজনা সংগ্ৰহ: মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত তীব্ৰ উত্তেজনা

author img

By

Published : Sep 10, 2022, 10:30 AM IST

মাণিকপুৰত খাজনা সংগ্ৰহ কৰা কাৰ্যালয়ত হুলস্থূল (Tense situation at Manikpur revenue circle offoce)। ১২ বজালৈ কাৰ্যালয়ত কৰ্মচাৰী উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল । খাজনা দিবলৈ আহি প্ৰায়ে নিৰাশ হৈ উভতি যাবলগীয়া হয় স্থানীয় লোকসকল । কাৰ্যালয়ত পলমকৈ উপস্থিত হোৱাৰ কৰ্মচাৰীক জবাবদিহি স্থানীয় লোকৰ ।

Manikpur
মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত তীব্ৰ উত্তেজনা

মাণিকপুৰ,১০ ছেপ্টেম্বৰ : মাণিকপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয় অধীনৰ খাজনা সংগ্ৰহ কাৰ্যালয়ত খাজনা সংগ্ৰহৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে (Revenue collection irregularities in Manikpur)। ৰচিদ নথকাৰ অজুহাতেৰে প্ৰায়ে খাজনা সংগ্ৰহ নকৰে কৰ্মচাৰীয়ে । এই অভিযোগ স্থানীয় লোকৰ । খাজনা দিবলৈ আহি ঘূৰি যাবলগীয়া হয় ৰাইজ । কেৱল এয়াই নহয় সময়মতে কাৰ্যালয়ত কৰ্মচাৰীসকল উপস্থিত নোহোৱাৰো অভিযোগ কৰিছে ৰাইজে (Irregular attendance of circle office Staff)।

উল্লেখ্য যে শেহতীয়াকৈ মহাবিদ্যালয়ৰ নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ বিচৰা হৈছে । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে মাটিৰ খাজনা দি উপাৰ্জনৰ প্ৰমাণপত্ৰ ল'বলৈ ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ অহা দেখিবলৈ পোৱা গৈছে । কিন্তু বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ আহি নিৰাশ হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল ।

কাৰণ কেতিয়াবা যদি কাৰ্যালয়ত ৰচিদ নাথাকে কেতিয়াবা খাজনা সংগ্ৰহ কৰিবলৈ কৰ্মচাৰী উপস্থিত নাথাকে কাৰ্যালয়টোত । ফলত প্ৰায় ৮০ খন ৰাজহ গাঁৱৰ বাবে স্থাপন কৰা এই কাৰ্যালয়টোলৈ আহি উভতি যাবলগীয়া হৈছে সাধাৰণ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকল । বিগত ৩-৪ দিন ধৰি এনেদৰে ছাত্ৰ-ছাত্ৰীসকল কাৰ্যালয়লৈ আহি কোনো সঁহাৰি পোৱা নাই ।

অভিযোগ অনুসৰি কাৰ্যালয়টোৰ কৰ্মচাৰী শ্বহিদুল আলীয়ে শুকুৰবাৰেও ১২ বজালৈ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল । যাৰ বাবে খাজনা দিবলৈ আহি ৰৈ থাকিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে । ১২ বজাৰ পাছত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে শ্বহিদুল আলীক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে জবাবদিহি কৰে ।

একপ্ৰকাৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় কাৰ্যালয়ত (Public protest at Manikpur revenue circle office )। ইফালে শ্বহিদুল আলীয়ে ছাত্ৰ-ছাত্ৰীসকলক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে । কৰ্মচাৰীৰ মইমতালিৰে ৰাজহ চক্ৰৰ কাৰ্যালয় চলি থকাৰ অভিযোগ কৰিছে ৰাইজে । সেয়ে এতিয়াৰে সময়মতে ৰাজহ সংগ্ৰহ কৰিবলৈ কৰ্মচাৰীসকলক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :ধন আত্মসাৎ কৰি আটক হ’ল গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ তিনিজন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.