ETV Bharat / state

SI নিযুক্তি: বঙাইগাঁৱত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ - প্ৰতিবাদ

অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ফনী ভূষণ চৌধুৰীক তদন্তৰ আওতালৈ অনাৰ দাবীত বঙাইগাঁৱত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ।

 SI নিযুক্তি: বঙাইগাঁৱত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

author img

By

Published : Oct 12, 2020, 3:58 PM IST

বঙাইগাঁও, 12 অক্টোবৰ: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সমান্তৰালকৈ উক্ত ঘটনাৰ চিবিআই তদন্তৰ দাবীত বঙাইগাঁৱত সোমাবাৰে বিয়লি ১ বজাত বঙাইগাঁৱৰ বৰপাৰাত আছু,কৃষক মুক্তি,গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিল্পী সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

 SI নিযুক্তি: বঙাইগাঁৱত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ
SI নিযুক্তি: বঙাইগাঁৱত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

প্ৰতিবাদকাৰী সকলে বৰপাৰা ৰাজহুৱা খেলপথাৰত হাতে হাতে প্লে কাৰ্ড লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীক তদন্তৰ আওতাত আনি চিবিআইৰ তদন্তৰ দাবী জনায় ।
ইফালে বঙাইগাঁৱত নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত অক্ষয় চান্দ বৈদৰ ঘৰত চি আই ডিয়ে নিশা অভিযান চলায় । আৰু পুৱা চাৰি বজাত তেওঁৰ ভাইবোৱাৰীৰ নামত থকা গুদাম ঘৰত অগ্নিকাণ্ড হয় যদিও ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পিচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । সেই লৈ প্ৰতিবাদী সকলে সন্দেহ কৰে যে,নিযুক্তি কেলেংকাৰীৰ নথি জ্বলাই দিয়া বুলি ।

আনহাতে,সদায় দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰ খনে বহু ভয়ানক দুৰ্নীতিত লিপ্ত হোৱা পৰিলক্ষিত হৈছে । আজিলৈ অক্ষয় চান্দ বৈদক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আৰু অক্ষয় চান্দৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ।

সেয়ে তদন্তৰ নামত ভেঁকোভাওনা কৰা বুলি অভিযোগ তুলি উক্ত ঘটনাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ CBIৰ হাতত অৰ্পণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.