ETV Bharat / state

poor family of Manikpur: হিতাধিকাৰী হোৱাৰ সত্বেও চিকিৎসা সেৱাৰ পৰা বঞ্চিত মজমুল

author img

By

Published : Nov 14, 2022, 12:01 PM IST

জীৱনে কেতিয়া ৰঙ সলনি সেয়া মাথো অদৃষ্টৰ লিখনিয়েহে জানে । আপোনাৰ মোৰ দৰেই সাধাৰণভাৱেই জীৱন যাপন কৰা এটি পৰিয়াললৈ নামি আহিল অমানিশা । বঙাইগাঁও জিলাৰ গাৰুগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ বৰ্তমানৰ অৱস্থা দেখিলে চকু সেমেকিব আপোনাৰো (Pathetic condition of a poor family in Manikpur) । দীৰ্ঘদিন ধৰি দুৰ্বিসহ জীৱন কটাইছে পৰিয়ালটোৱে ।

poor family of Manikpur
আয়ুস্মান কাৰ্ড থকা সত্বেও চৰকাৰী সুবিধাৰ পৰা বঞ্চিত

মাণিকপুৰ, ১৪ নৱেম্বৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং গাৰুগাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ মুৰব্বী মজমুল আলী দুৰাৰোগ্য ৰোগত আক্ৰান্ত (Cancer affected family of Manikpur)। পৰিয়ালৰ মুৰব্বীজন বেমাৰত আক্ৰান্ত হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে । তেওঁ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী । যাৰবাবে এতিয়া পত্নীসহ তিনিগৰাকী শিশু কন্য়াৰে এতিয়া দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে মজমুলে ।

তিনিগৰাকী শিশু কন্য়াৰো স্কুলৰ যাৱতীয় খৰছ বহন কৰিব নোৱাৰা বাবে তেওঁলোক শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে (Assam govt scheme for Cancer patient)। আনহাতে, পত্নীয়ে আনৰ ঘৰত কাম কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আহিছে । দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হোৱাত নিজৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি, বঙাইগাঁও, গুৱাহাটীৰ লগতে অসমৰ বাহিৰত বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও সুফল পোৱা নাই ।

ইপিনে, অটল অমৃত(Atal Amrit card),আয়ুস্মান কাৰ্ড (Ayushman Card) থকা সত্বেও চৰকাৰী সা-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । তেওঁলোকে পোৱা নাই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ । পলিথিন পেপাৰেৰে কোনোমতে জুপুৰি সাজি জীৱন নিৰ্বাহ কৰি আছে । আনকি এতিয়া নিজেৰ চিকিৎসা কৰাৰ সামৰ্থ নোহোৱা হৈছে মজমুল ।

তেওঁৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে প্ৰচুৰ অৰ্থৰ । সেয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক সহায় কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে । কোনো হৃদয়বান ব্যক্তি নাইবা দল-সংগঠনে সহায় কৰিব বিচাৰিলে তেওঁৰ পত্নী Majamulৰ নামত থকা SBI Kiosk Banking বেংকৰ A/C No. 41351387822CIF No. 91055139124 নম্বৰত সহায় কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

লক্ষণীয়ভাৱে চৰকাৰৰ ইমান আঁচনি থকাৰ পাছতো কিয় পৰিয়ালটোৱে লাভ কৰা নাই আঁচনিৰ সুবিধা (Manikpur family deprived of government facilities)। চৰকাৰী আৱাস এটাও লাভ কৰা নাই পৰিয়ালটোৱে । চৰকাৰী গৃহৰ বাবে পৰিয়ালটোৱে পঞ্চায়তত খবৰ ল'লেও বিভিন্ন ধৰণৰ অজুহাত দিয়ে পঞ্চায়তৰ কৰ্মচাৰীসকলে (Panchat member deprived a family in Bongaigaon)। সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰক কিছু সহায়ৰ বাবে অনুৰোধ জনাইছে ।

লগতে পঢ়ক:Science Exhibition at Silapathar : চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আয়োজন বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.