ETV Bharat / state

পথৰ দুৰৱস্থাৰ বাবে নৰক যন্ত্ৰণাৰ সন্মুখীন উত্তৰ অভয়াপুৰীবাসী

author img

By

Published : Sep 10, 2020, 3:29 PM IST

উত্তৰ অভয়াপুৰীৰ কীৰ্তনপাৰা-চাকলা সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ তথা জন প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ ৷

Poor conditions of a road in north abhyapuri bongaigaon assam etv bharat news
পথৰ দুৰৱস্থা

উত্তৰ অভয়াপুৰী,১০ ছেপ্টেম্বৰ: বিকশিত অসমৰ নমুনা প্ৰতিফলিত হৈছে বঙাইগাঁৱত ৷ জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত কীৰ্তনপাৰা-চাকলা সংযোগী একমাত্ৰ পথটোৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীসকলক ৷ বিগত কিছুদিন পূৰ্বে নিৰ্মাণকাৰ্য সম্পন্ন কৰা হৈছিল পথছোৱাৰ ৷ উক্ত পথৰ নিৰ্মাণৰ দায়িত্বত ন্যস্ত থকা ঠিকাদাৰ ৰুদ্ৰ পাঠক আৰু একাংশ মধ্যভোগী দালালৰ বিৰুদ্ধে নিম্নমানৰ কাম সম্পন্ন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ পথটো ঠিকমতে নিৰ্মাণ নকৰাৰ ফলত নিচেই কম সময়ৰ ভিতৰতে ই যাতায়াতৰ অনুপযোগী হৈ উঠে ৷ ফলত প্ৰায়ে উক্ত পথছোৱাত সংঘটিত হয় দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে তেনে এক মালবাহী ঘোঁৰা গাড়ী পথৰ দাঁতিত বাগৰি পৰি দুৰ্ঘটনাৰ সন্মুখীন হয় ৷ অঞ্চলটোৰ পথচাৰীসকলৰ ভৰসাৰ থলী একমাত্ৰ পথটোত নিম্নমানৰ কাম কৰিয়েই দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

পথৰ দুৰৱস্থা

উল্লেখ্য যে,স্থানীয় বিধায়ক আব্দুল হাই নাগৰিৰ ছত্ৰছায়াতে ঠিকাদাৰ আৰু দালালসকলে নিজ ইচ্ছা অনুসৰি কাম কৰাৰ উপৰিও লুণ্ঠন চলোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সম্প্ৰতি বিষয়টোত জিলা উপায়ুক্ত তথা প্ৰশাসনক দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷ অন্যথা ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব অঞ্চলবাসীয়ে ৷

লগতে চাওকঃ অনুষ্টুপীয়া কাৰ্যসূচীৰে বৰপেটাত নন্দোৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.