ETV Bharat / state

কোৱাৰেন্টাইনৰ স্মৃতিত গছপুলি ৰোপন

বঙাইগাঁৱত কোৱাৰেন্টাইনৰ ম্যাদ সমাপ্ত কৰা লোকৰ হতুৱাই গছ পুলি ৰোপন কৰালে জিলা প্ৰশাসনে ৷ ভৱিষ্যতে উক্ত গছপুলি জৰিয়তে এটা ভাল পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰিয়েই প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ETV BHARAT
বঙাইগাঁৱত কোৱাৰেন্টাইনৰ দিন সমাপ্ত কৰি ৰুলে গছপুলি
author img

By

Published : May 29, 2020, 6:06 PM IST

বঙাইগাঁও, 29 মেঃ বঙাইগাঁৱত জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপ ৷ কোৱাৰেন্টাইনৰ ম্যাদ সমাপ্ত কৰা লোকৰ হতুৱাই গছ পুলি ৰোপন কৰি নিজ গৃহলৈ প্ৰেৰণ জিলা প্ৰশাসনৰ ৷

উল্লেখ্য যে, স্বাস্থ্য কৰ্মী অনুপম ঠাকুৰীয়াই কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতেই তেঁওৰ সংস্পৰ্শলৈ অহা লোক সকলক কোৱাৰেন্টাইন কৰা হৈছিল ৷ ইতিমধ্যে বিভাগীয় নীতি নিৰ্দেশনা মানি এইসকল লোকে বিদ্যালয়খনত কোৱাৰেন্টাইনৰ সময় সীমা পাৰ কৰে ৷ শুকুৰবাৰে আটাইকেজনকে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে ৷ নিজ ঘৰলৈ ওভোতাৰ পূৰ্ৱে এই সকল লোকৰ হতুৱাই প্ৰশাসনে একোডাল কৈ গছৰ পুলি ৰোপনৰ ব্যৱস্থা কৰে ৷ কোৱাৰেন্টাইন কেম্পৰ পৰা মুকলি হৈয়ে এজোপাকৈ গছপুলি ৰোপন কৰি নিজ ঘৰলৈ ওভতি যোৱাৰ বাবে প্ৰশাসনে এই বিশেষ পদক্ষেপ হাতত লয় ৷ এই কাৰ্যসূচীত খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে উপায়ুক্ত ড0 এমএছ লক্ষ্মীপ্ৰিয়াই গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে বাকী সকল লোকে বিদ্যালয় চৌহদত গছ পুলি ৰোপন কৰে ৷ কৰণা ভাইৰাছৰ দৰে ভয়াৱহ ৰোগবিধ সমাজত সকলোৱে মিলি প্ৰতিহত কৰাৰ উদ্দেশ্যে লোৱা বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷ লগতে যি সকলে এই গছ পুলি ৰোলে ভৱিষ্যতে উক্ত বিদ্যালয় খনত এচা চিহ্ন থাকিব আৰু ভৱিষ্যতে তেওলোকে ৰোপন কৰা গছৰ পৰা ভৱিষ্যত প্ৰজন্ম লাভান্বিত হব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে সকলোকে কৰণা প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ তাৰোপৰি সকলোৱে একত্ৰিত হৈ কৰণা ভাইৰাছৰ বিৰুদ্ধে যুজ দিবলৈ আহ্বান জনায় মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

বঙাইগাঁৱত কোৱাৰেন্টাইনৰ দিন সমাপ্ত কৰি ৰুলে গছপুলি

লগতে পঢ়ক- অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.