বঙাইগাঁও, 14 জানুৱাৰী: বঙাইগাঁও জিলাৰ বৈটামাৰী তামৰঙা বিলত অগণন লোকৰ ভিৰ । উৰুকাৰ দিনাখন তামৰঙা বিলৰ মাছেৰে এসাঁজ খোৱাৰ ইচ্ছাৰে মাছ বিচাৰি আহিছে এই সকল লোক ।
![তামৰঙা বিলত এতিয়া মাছৰ উজান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04to06-bongaigaontamrangabealfish-vis-10012_13012020174659_1301f_1578917819_206.jpg)
ব্ৰহ্মপুত্ৰ সংযোগি এই বিলৰ মাছৰ সোৱাদ আছে বাবেই তামৰঙা বিলৰ মাছৰ চাহিদা অধিক । বঙাইগাঁওৰ পৰা গুৱাহাটীলৈ আছে এই মাছৰ চাহিদা ।
![মূল্যবৃদ্ধিয়ে ৰখাব পৰা নাই বিহুবলীয়া অসমীয়াক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04to06-bongaigaontamrangabealfish-vis-10012_13012020174659_1301f_1578917819_924.jpg)
তামৰঙা মিন মহলৰ লোকে জনোৱা মতে, বোৱালি মাছ প্ৰতি কেজিত ১২০০ টকা হোৱাৰ বিপৰীতে চিতল মাছৰ দাম হৈছে প্ৰতি কেজিত ১০০০/১২০০ টকা । তাৰ পিচতো মাছ বিচাৰি মানুহৰ মাজত হেতা ওপৰা ।
![বোৱালি মাছ প্ৰতি কেজিত ১২০০ টকা, চিতল মাছ ১০০০/১২০০ টকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04to06-bongaigaontamrangabealfish-vis-10012_13012020174659_1301f_1578917819_730.jpg)
প্ৰতি বছৰেই এনেদৰে ভোগালীৰ উৰুকাৰ আগদিনা আৰু উৰুকাৰ দিনা পুৱা তামৰঙাত মাছৰ যি দৰে দাম বৃদ্ধি পায় সেই দৰে বৃদ্ধি পায় মাছ বিচাৰি অহা লোকৰ সংখ্যাও ৷ উৰুকাৰ দিনটোত মাছেৰে এসাঁজ লগে-ভাগে খোৱাৰ হেঁপাহ সকলোৰে ।
- লগতে চাওক-বছৰত 55 লাখ টকা GST দিয়ে জুবিনে