বঙাইগাঁও, 13 জুন : এখন দলঙৰ বাবে জীয়াতু ভূগিছে বঙাইগাঁও জিলাৰ শাজালপাৰাবাসী ৰাইজে ৷ সেয়ে অতিষ্ঠ হৈ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শাজালপাৰা বাশবাৰী পথ সংযোগী এখন দলং নিৰ্মাণক লৈ স্থানীয় কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ(People protest demanding bridge) ।
উল্লেখ্য যে, বিগত ৭/৮ বছৰ পূৰ্বে আই নদীৰ বাঢ়নী পানীয়ে শাজালপাৰৰ পৰা ৭নং বাশবাৰীলৈ যোৱা মূল পথৰ মাজভাগ ছিগি পৰিছিল । ইয়াৰ পিছৰে পৰা স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি চলাচল কৰি আহিছে । কিন্তু স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ লগতে বঙাইগাঁও জিলা প্ৰশাসনক এখন দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাত অতিষ্ঠ ৰাইজে অৱশেষত অঞ্চলটোৰ ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি কৰি দলংখনৰ মেৰামতিৰ কাম আৰম্ভ কৰে । ইফালে দলংখনৰ মেৰামতিৰ পূৰ্বে স্থানীয় ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে । বিধায়ক আব্দুল বাতিন খন্দকাৰ গ'বেক, বঙাইগাঁও জিলা প্ৰশাসন হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে ।
প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰেই এখন পকী দলঙৰ লগতে পথছোৱাৰ মেৰামতি কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনক আহ্বান জনায় । চৰকাৰ, স্থানীয় বিধায়কে দলংখন নিৰ্মাণৰ কাৰণে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ প্ৰধান কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : দুৰ্নীতি নকৰিলে প্ৰতিখন জিলাৰ তিনিজনকৈ কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’ব