বঙাইগাঁও,৪ জুন: অসমৰ বিভিন্ন জিলাত অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ । এনে সময়ত বঙাইগাঁও জিলাত 'চেষ্টা' নামৰ স্বেচ্ছাসেৱী সংস্থাৰ এক আদৰণীয় পদক্ষেপ । বৃহস্পতিবাৰে স্বেচ্ছাসেৱী সংস্থাটোৰ সহযোগত জিলাখনৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত অ'ক্সিমিটাৰ বিতৰণ কৰা হয় ।
স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় উপস্থিত থাকি ৩০ গৰাকী আশাকৰ্মীক বিতৰণ কৰে অ'ক্সিমিটাৰ । কৰ'ণাৰ এনে জটিল পৰিস্থিতিত ৰাইজৰ লগত প্ৰত্যক্ষভাৱে জড়িত আশাকৰ্মীসকলে এই অ'ক্সিমিটাৰৰ জৰিয়তে স্বাস্থ্যসেৱাক আৰু উন্নত কৰিব পাৰিব বুলি আশাবাদী বিধায়কগৰাকী ৷
লগতে পঢ়ক:অসম-পশ্চিমবংগ সীমান্তৰ শিমুলটাপুত 325 কাৰ্টন অবৈধ সুৰা জব্দ