ETV Bharat / state

উত্তৰ অভয়াপুৰীত বানে বিধস্ত কৰিলে খেতি পথাৰ - ETV BHARAT

উত্তৰ অভয়াপুৰীত কৃষকৰ মূৰত ৰাম টাঙোন । বানে বিধ্বস্ত কৰিলে শাক পাচলিৰ খেতি পথাৰ ।

উত্তৰ অভয়াপুৰীত বানে বিধস্ত কৰিলে খেতি পথাৰ
author img

By

Published : Jul 28, 2019, 8:07 AM IST

বঙাইগাওঁ,28 জুলাই: মূৰে কপালে হাত দিছে উত্তৰ অভয়াপুৰীৰ ক্ষতিগ্ৰস্ত কৃষকে। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বালাৰ চৰ আৰু মাত্ৰাঘোলাত শ শ বিঘা ধান আৰু শাক পাচলিৰ খেতি নষ্ট হৈ যোৱাত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

উত্তৰ অভয়াপুৰীত বানে বিধস্ত কৰিলে খেতি পথাৰ

উল্লেখযোগ্য যে, সমষ্টিটোৰ মাজেৰে বৈ যোৱা আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি কৰাৰ ফলত কীৰ্ত্তন পাৰা, হালধিবাৰী, কাহিবাৰী, মাত্ৰাঘোলা, বালাৰচৰ, গোলাপাৰা, নাম্বাৰপাৰা আদি স্থানৰ বহু কৃষকৰ বেঙেনা, পটল, জলকীয়া, তিয়হ, জিকা, পানীলাও, ৰঙালাউ, ভোল, কোমোৰা আদি খেতি সমুহ পানীৰ তলত ডুব যোৱাত খেতি পথাৰ বিধ্বস্ত হোৱাৰ লগতে লাখ লাখ টকা লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ।

এইক্ষেত্ৰত অঞ্চলটোৰ কৃষক সকল মূৰে কপালে হাত দিছে। ইফালে ইয়াৰ সুযোগ লৈ বজাৰত বস্তুৰ দাম চাৰি গুণে বৃদ্ধি পাইছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ওচৰত ক্ষতিপূৰণ দাবী কৰিছে ৰাইজে ।

Intro:উত্তৰ অভয়াপুৰীত কৃষকৰ মুৰত ৰাম টাঙোন ।বানে বিধ্বস্ত কৰিলে শাক পাচলিৰ খেতি পথাৰ। মুৰে কপালে হাত দিছে ক্ষতিগ্ৰস্ত কৃষকে। Body: বঙাইগাওঁ জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বালাৰ চৰ আৰু মাত্ৰাঘোলাত শ শ বিঘা ধান আৰু শাক পাচলিৰ খেতি নষ্ট হৈ যোৱাত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে সমষ্টিটোৰ মাজেৰে বৈ যোৱা আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি কৰাৰ ফলত কীৰ্ত্তন পাৰা, হালধিবাৰী, কাহিবাৰী, মাত্ৰাঘোলা, বালাৰচৰ, গোলাপাৰা, নাম্বাৰপাৰা আদি কৰি বহু কৃষকৰ বেঙেনা, পটল, জলকীয়া, তিয়হ, জিকা, পানীলাও, ৰঙালাউ, ভোল, কোমোৰা আদি খেতি সমুহ পানীৰ তলত ডুব যোৱাত খেতি পথাৰ বিধ্বস্ত হোৱাৰ লগতে লাখ লাখ টকা লোকচানৰ সন্মুখীন হবলগীয়া হৈছে। এইক্ষেত্ৰত অন্চলটোৰ কৃষক সকল মুৰে কপালে হাত দিছে। ইফালে ইয়াৰ সুযোগ লৈ বজাৰত বস্তুুৰ দাম চাৰি গুনে বৃদ্ধি পাইছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ওচৰত ক্ষতিপূৰণ দাবী কৰিছে ৰাইজে।Conclusion:কৃষকৰ মন্তব্য ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.