বঙাইগাঁও, 31 মে' : বঙাইগাঁৱত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয় ৷ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ যক্ষ্মা কেন্দ্ৰত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷
উল্লেখ্য যে, ১৯৮৮ চনৰ পৰাই বিশ্ব স্বাস্থ্য সংস্থাই ৩১ মে’ৰ দিনটো ’বিশ্ব ধঁপাত বিৰোধী দিৱস’ হিচাপে পালন কৰি আহিছে ৷ দেওবাৰে বঙাইগাঁৱতো উদযাপন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ যক্ষ্মা কেন্দ্ৰত অনুষ্ঠিত হয় এই বিশ্ব ধঁপাত বিৰোধী দিৱস ৷
এই অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নীলমাধৱ দাস ৷ ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ জিলা ন’ডেল বিষয়া ডাঃ হৰিদাস সৰকাৰৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা জিলা মিডিয়া বিশেষজ্ঞ আৰু RBSKৰ জিলা সমন্বয়ক উপস্থিত থাকে ৷
এই অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেঁও কয় যে, ধঁপাত সেৱনৰ ফলত গোটেই বিশ্বত প্ৰতিবছৰে আঠ(8) মিলিয়ন লোকৰ মৃত্যু হয় । লগতে ধঁপাতযুক্ত সামগ্ৰী সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সকলোকে ইয়াৰ বিৰুদ্ধে গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ৷
ইতিমধ্যে এই দিৱস উপলক্ষে জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ শাখাৰ তৰফৰ পৰা শনিবাৰৰ পৰা মাইকযোগে ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতামূলক প্ৰচাৰ চলোৱা হয় ৷ ইয়াৰ উপৰিও ঠায়ে ঠায়ে ধঁপাত আৰু ধঁপাতযুক্ত সামগ্ৰীৰ অপকাৰিতাৰ বিষয়ে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছে বুলিও সদৰী কৰে ৷
আনহাতে এইবাৰৰ বিশ্ব ধঁপাত বিৰোধী দিৱসৰ লক্ষ্য হৈছে যুৱ প্ৰজন্মক ধঁপাত সেৱনৰ পৰা ৰক্ষা কৰা আৰু তেওঁলোকৰ ধঁপাত সেৱনৰ মানসিকতা প্ৰতিৰোধ কৰা ৷ গতিকে ধঁপাত সেৱনৰ পৰা বিৰত থাকি এখন ধঁপাত মুক্ত দেশ গঢ়িবলৈ যুৱ চামৰ লোকৰ লগতে সকলো ৰাইজক ইয়াৰ বিৰুদ্ধে এক হবলৈ আহ্বান জনাইছে যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে ৷ লগতে ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ জিলা ন’ডেল বিষয়া ডাঃ হৰিদাস সৰকাৰে ’বিশ্ব ধঁপাত বিৰোধী দিৱস’ৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷
লগতে পঢ়ক- হায়দৰাবাদত আৱদ্ধ অসমৰ 20 যুৱকঃ চৰকাৰলৈ সহায়ৰ আহ্বান