বঙাইগাঁও,11 মে': মঙলবাৰে ক’ভিড মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ সহায়ৰ উদ্দেশ্যে বঙাইগাঁও জিলালৈ এখন এম্বুলেঞ্চ উপহাৰ দিয়ে ৰাষ্ট্ৰীয় পথ নিৰ্মাণ প্ৰাধিকৰণে ৷ বিশেষকৈ চিকিৎসা ক্ষেত্ৰত সুবিধা হোৱাকৈ অত্যাধুনিক এম্বুলেঞ্চখন আনুষ্ঠানিকভাৱে প্ৰাধিকৰণৰ বিষয়াই প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ উপস্থিতিত জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াক অৰ্পণ কৰে এম্বুলেঞ্চখন ।
প্ৰায় ২৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এম্বুলেঞ্চখনে অত্যাধুনিক প্ৰযুক্তিৰ সংযুক্তিকৰণে ৰোগীসকলক বিশেষভাৱে সহায় কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷
লগতে পঢ়ক : চিৰাঙত বজ্ৰ পৰি এজন নিহত