উত্তৰ অভয়াপুৰী,12 জুনঃ বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত এইবাৰ পোহৰলৈ আহিছে এক মৰেল পুলিছৰ ঘটনা । মৰেল পুলিছৰ ৰূপত এজন শিক্ষক । হৰিৰচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুৰবান আলীৰ লগতে তিনি ভাই-ককাই ক্ৰমে সুলভ মূল্যৰ দোকানী ছুৰমান আলী, লোকমান হুছেইন,আৰু ওছমান গনিয়ে একে গাঁৱৰে আব্দুল হালিম নামৰ এজন মানসিক বিকাৰগ্ৰস্ত যুৱকৰ ওপৰত চলায় তালিবানী শাস্তি।
যোৱা নিশা 8 মান বজাত যুৱক জন ৰাস্তাৰে গৈ থাকোতে শিক্ষক কুৰবান আলী আৰু তাৰ ভাই-ককায়ে আগুৰি ধৰি হাত ভৰি বান্ধি লাঠিৰে কোবাই কোবাই তালিবানী শাস্তি প্ৰদান কৰাৰ এক ভিডিঅ ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।
পূৰ্বৰ পৰিয়াল কেন্দ্ৰিক কাজিয়াৰ বাবেই শিক্ষক কুৰবান আলীয়ে আব্দুল হালিমক হত্যা কৰাৰ চেষ্টা কৰিছিল বুলি ভুক্তভোগী পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছে । কিন্তু মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোবাৰক আলীয়ে মানসিক বিকাৰগ্ৰস্ত ভুক্তভোগী আব্দুল হালিমকে জেল হাজতলৈ প্ৰেৰণ কৰাত আৰক্ষী বিষয়া জনে পক্ষপাতিত্ব ভূমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ।
ঘটনা সংক্ৰান্তে উচিত তদন্ত বিচাৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিবলৈ বঙাইগাঁও আৰক্ষী অধীক্ষকৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে চাওকঃ বিধ্বস্ত শৈশৱ, সপোন বিভ্ৰান্তিত এজাক শিশু...