ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ নামত ক’ত প্ৰধান শিক্ষকে খুলিলে ভুৱা একাউন্ট

author img

By

Published : Jun 28, 2021, 12:33 PM IST

বৰ্তমান অসমৰ বহু সংখ্যক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বৃত্তি (Student Scholarship)ৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ধন লুটি পুটি খোৱা এই তেজপিয়া শিক্ষকৰ বিৰুদ্ধে চৰকাৰে কেতিয়াবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?

as_Bongaigaon_minority-scholarship-corruption-at-bongaigaon-madrasa_visual_ASC10081
ছাত্ৰ-ছাত্ৰীৰ নামত ক’ত প্ৰধান শিক্ষকে খুলিলে ভুৱা একাউন্ট

বঙাইগাঁও, 28 জুন : বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত হাজী আজিমুদ্দিন মেম’ৰিয়েল মাদ্ৰাছা (Haji Ajimuddin mMemorial Madrasa)ত সংখ্যালঘু ছাত্ৰ বৃত্তি (Minority Students Scholarship)ৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে ছাত্ৰ ছাত্ৰীৰ নামত ভুৱা একাউন্ট খুলি ধন হৰলুকি কৰাৰ অভিযোগ কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে । এই তথ্য ফাদিল হোৱাত সোমবাৰে হাজী আজিমুদ্দিন মেম’ৰিয়েল মাদ্ৰাছা (Haji Ajimuddin mMemorial Madrasa)ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে চৰকাৰক উক্ত টকা ঘুৰাই দিয়াৰ বাবে অনুৰোধ জনায় ৷

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে কৰা অভিযোগ অনুসৰি, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ নামত ভুৱা একাউন্ট (Fake Account) খুলি প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে বৃত্তিৰ ধন আত্মসাৎ কৰিছে ৷ আনহাতে, ছাত্ৰ-ছাত্ৰীৰ পৰা বেংক একাউন্ট (Bank Account) খোলাৰ নামতো ১০০ কৈ টকা সংগ্ৰহ কৰে প্ৰধান শিক্ষকগৰাকীয়ে ৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ পৰিচয় পত্ৰৰে খোলা বেংক একাউন্টত নিজৰ ফিংগাৰ প্ৰিন্ট (finger print) ব্যৱহাৰ কৰে প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে ।

এই সকলো তথ্য ফাদিল হোৱাত প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীক মাত্ৰ তিনি হাজাৰ টকাকৈ ঘূৰাই দিয়ে বুলি ছাত্ৰ ছাত্ৰীসকলে জানিব দিয়ে ।

উল্লেখ্য যে, বিদ্যালয়খনত মুঠ ৫৮ জন ছাত্ৰ-ছাত্ৰীৰ নামত ছাত্ৰ বৃত্তি আহে যদিও ইয়াৰে প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীৰ নাম অভিভাৱকৰ নাম আৰু পৰিচয়েই ভুৱা । বৰ্তমান অসমৰ বহু সংখ্যক বিদ্যালয়ত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাই হোৱা বুলি জানিব পৰা গৈছে । দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ধন লুটি পুটি খোৱা এই তেজপিয়া শিক্ষকৰ বিৰুদ্ধে চৰকাৰে তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : আৰক্ষীৰ জিম্মাত প্ৰায় 15 টা কুকুৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.