ETV Bharat / state

KAC Scam: কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত 100 কোটিৰ কেলেংকাৰী; কাৰ্যবাহী পাৰিষদক গ্ৰেপ্তাৰ - কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত (KAC) সংঘটিত হোৱা কেলেংকাৰীৰ সৈতে জড়িত থকা লোকৰ তালিকা ক্ৰমে দীঘলীয়া হৈছে ৷ 100 কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অপৰাধত এইবাৰ গ্ৰেপ্তাৰ হ’ল KACৰ কাৰ্যবাহী পাৰিষদ ৷ আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত ৷

KAC Scam
KAC Scam
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 8:35 PM IST

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত 100 কোটিৰ কেলেংকাৰী

বঙাইগাঁও, 22 ছেপ্টেম্বৰ: কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত (KAC) সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰী আৰু জালিয়াতিৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে ৷ উল্লেখ্য যে ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই একাংশই কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত 100 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ৷

এই সমগ্ৰ প্ৰৱঞ্চনা আৰু প্ৰৱঞ্চক চক্ৰৰ সৈতে জড়িত থকাৰ অপৰাধত এইবাৰ গ্ৰেপ্তাৰ কৰা হ’ল কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়ক ৷ প্ৰধান সচিবৰ চহী জালিয়াতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কাৰ্তিক ৰায়ক ৷ ইয়াৰ পূৰ্বে ভুৱা ৱৰ্ক অৰ্ডাৰ উলিওৱা পংকজ দাস আৰু চিন্ময় সৰকাৰ নামৰ দুই প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰিছিল ৷

উল্লেখ্য যে এই কেলেংকাৰীৰ উমান লাভ কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিত ধ্ৰুৱজ্যোতি দাসে অভয়াপুৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল ৷ সেই গোচৰৰ ভিত্তিতেই প্ৰৱঞ্চক চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷

শুকুৰবাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে সদৰী কৰা অনুসৰি প্ৰৱঞ্চক চক্ৰটোৰ সৈতে কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়ৰ ধনৰ লেন-দেন হোৱাৰো তথ্য লাভ কৰা গৈছে ৷ এই প্ৰক্ৰিয়াটোত 25 লাখ টকাৰ লেন-দেন হোৱা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি কাৰ্তিক ৰায়ক অধিক তথ্যৰ বাবে জেৰা চলাই আছে আৰক্ষীয়ে ৷

এই প্ৰৱঞ্চক চক্ৰটোৱে 100 কোটিৰ ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই বহিঃৰাজ্যৰ পাঁচটা প্ৰতিষ্ঠানক প্ৰদান কৰিছিল ৷ ইফালে, গ্ৰেপ্তাৰ হোৱা কাৰ্তিক ৰায়ে তেওঁ ৰাজনৈতি ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰে সংবাদ মাধ্যমৰ আগত ৷ আৰক্ষীৰ তদন্তৰ এই সমগ্ৰ কেলেংকাৰীৰে জড়িত আৰু অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: Theft incident: বেংকৰ ভিতৰৰ পৰাই 50 হাজাৰ টকা লৈ উধাও চোৰৰূপী মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.