ETV Bharat / state

আইৰ সংহাৰী ৰূপঃ 48 ঘণ্টাত 50 টাকৈ ঘৰ বিলীন আইৰ বুকুত - আইৰ সংহাৰী ৰূপ

যেনিয়েই চাই একেই দৃশ্য বা পৰিণাম, ইমানৰ পিছতো খবৰ নাই জিলা প্ৰশাসনৰ কোনো লোকৰ ৷ সাহাৰ্য প্ৰাপ্তিৰ আশা নহয় কেৱল নৈপৰীয়া লোকৰ দশা এবাৰ চাই যাবলৈ প্ৰশাসনক কাতৰ অনুৰোধ ৰাইজৰ ৷

বঙাইগাঁও
author img

By

Published : Jul 15, 2019, 12:25 PM IST

বঙাইগাঁও, 15 জুলাইঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ড তথা বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ৬ নং ভাণ্ডাৰাত অব্যাহত আছে গৰাখহনীয়াৰ কালৰূপ । আই নদীৰ খৰস্ৰোতা বাঢ়নী পানীৰ তীব্ৰ সোঁতৰ ফলত সৃষ্টি হৈছে গৰাখহনীয়াৰ তাণ্ডৱ । কেমেৰাৰ সন্মুখতে আইনদীৰ বুকুত জাহ গৈছে একোখনকৈ গাওঁ । চপৰা চপৰে খহিছে গৰা । প্ৰায় ৫০ টাৰো অধিক বাসগৃহ ইতিমধ্যে আইনদীৰ বুকুত জাহ গৈছে । চকুৰ সমুখতে নদীৰ বুকুত জাহ গৈছে চহা কৃষকৰ খেতি পথাৰ , নৈয়ে উটুৱাই নিছে বহু ঘৰ ৷ ফলত শোকত ভাগি পৰিছে নৈপৰীয়া লোকসকল ।

বঙাইগাঁও

কিন্তু যেনিয়েই চাই একেই দৃশ্য বা পৰিণাম, ইমানৰ পিছতো খবৰ নাই জিলা প্ৰশাসনৰ কোনো লোকৰ । বঙাইগাঁও জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক অনুৰোধ কৰিও একো ফল পোৱা নাই ভুক্তভোগী ৰাইজে ৷ সাহাৰ্য প্ৰাপ্তিৰ আশা নহয় কেৱল নৈপৰীয়া লোকৰ দশা এবাৰ চাই যাবলৈ প্ৰশাসনক কাতৰ অনুৰোধ ৰাইজৰ ৷

Intro:: মাণিকপুৰৰ ভাণ্ডাৰাত অব্যাহত খহনীয়াৰ কালৰূপ ।৪৮ ঘণ্টাৰ ভিতৰত কমেও ৫০ টাকৈ ঘৰ বিলীন হৈ গল আইনদীৰ বুকুত। ৰবিবাৰে আই নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ দৃশ্য বন্দী আমাৰ কেমেৰাত। নৈপৰীয়া ৰাইজৰ হাহাকাৰ ।Body:
উত্তৰ অভয়াপুৰী, 15 জুলাই : বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ড তথা বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ৬ নং ভাণ্ডাৰাত গৰাখহনীয়াৰ কালৰূপ অব্যাহত আছে। আইনদীৰ খৰস্ৰোতা বাঢ়নী পানীৰ তীব্ৰ সোঁতৰ বাবে গৰাখহনীয়াৰ তাণ্ডৱ চলি আছে। কেমেৰাৰ সন্মুখতে পকী ঘৰ, গছ গছনি আদি আইনদীৰ বুকুত জাহ গৈছে। চপৰা চপৰে খহি আছে গৰা। প্ৰায় ৫০ টাৰো অধিক বাসগৃহ ইতিমধ্যে আইনদীৰ বুকুত জাহ গৈছে। এই নৈপৰীয়া লোকসকলকে নিজৰ মৰমৰ ঘৰখন এনেদৰে বিলীন হোৱা দেখি শোকত ভাগি পৰিছে। ইয়াৰ লগতে শ শ বিঘা খেতি পথাৰ নদীৰ বুকুত জাহ গৈছে। ইমানখিনি হৈ যোৱাৰ পিছতো খবৰ লোৱা নাই জিলা প্ৰশাসনৰ কোনো লোকে । সেয়েহে এই দিশহাৰা নৈপৰীয়া লোক সকলে বঙাইগাঁও জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক অনুৰোধ কৰিছে যাতে জিলা প্ৰশাসনে একো নিদিলেও কোনো আক্ষেপ নাই নৈপৰীয়া এই লোকসকলৰ কিন্তু এবাৰ আহি যেন তেওঁলোকৰ দুখ দুৰ্দশাৰ বুজ লৈ যায়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.