ETV Bharat / state

Foundation day of Manikpur Anchalic College: মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন - Foundation day of Manikpur Anchalic College

মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা পালন । ১৯৯৩ চনৰ ২ আগষ্ট তাৰিখে স্থাপিত কৰা হৈছিল মহাবিদ্যালয়খন । মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস ৷

Manikpur Anchalic College celebrates foundation day
মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Aug 2, 2023, 10:14 PM IST

মাণিকপুৰ,২ আগষ্ট: নামনি অসমৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় । ১৯৯৩ চনৰ ২ আগষ্ট তাৰিখে স্থাপিত কৰা হৈছিল মহাবিদ্যালয়খন । মঙলবাৰে মাণিকপুৰত পালন কৰা হয় ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস । দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস ৷

পুৱা ৮ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ মৰ্তুজ আলি আহমেদে পতাকা উত্তোল কৰে পুৱা ৯ বজাত । মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কৰুণাকান্ত ৰায়ে শ্বহীদ বেদিত মাল্যাৰ্পণ কৰে পুৱা ৯ বাজি ৩০ মিনিটত । ডোমপাৰাৰ জ্ঞানচাকি হাইস্কুলৰ প্ৰধান শিক্ষক দিপাংকৰ ৰায়ে গছপুলি ৰোপণ কৰে পুৱা ১১ বজাত ।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অভিভাৱক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সন্মিলন অনুষ্ঠিত হয় । সন্ধিয়া ৬:৩০ বজাত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ নুৰুল আমিনে বন্তি প্ৰজ্বলন কৰে ৷ প্ৰথমতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিল্পীসকলে গোৱা সমবেত সংগীতৰ জৰিয়তে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সন্মিলনৰ কাৰ্যসূচী আৰম্ভ হয় ।

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি কৰুনাকান্ত ৰায়ে সন্মিলনখন পৰিচালনা কৰে আৰু ইংৰাজী বিভাগৰ অধ্যাপক হেমেনজ্যোতি দাসে সন্মিলনৰ উদ্দেশ্য বাখ্যা কৰে । সভাৰ উদ্দেশ্য বাখ্যাৰ পিছতেই কলেজৰ ছাত্ৰীসকলে এটি দলীয় নৃত্য পৰিৱেশন কৰাৰ পাছতেই মহাবিদ্যালয়খনৰ উপাধ্যক্ষ নুৰুল আমিন, প্ৰতিষ্ঠাপক ব্যক্তিসকলক, অভিভাৱক-অভিভাৱিকা, মহাবিদ্যালয়খনৰ শুভাকাংক্ষী, মাণিকপুৰ জিলা পৰিষদৰ সদস্য, মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আদিকে ধৰি বিভিন্ন ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় অধ্যক্ষ মৰ্তুজ আলি আহমেদে বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে, প্ৰতিবেদনৰ জৰিয়তে অধ্যক্ষগৰাকীয়ে কয় যে-মহাবিদ্যালয়খনে আজি ৩০ বছৰ পাৰ কৰি ৩১ বছৰত ভৰি দিলে, যিসকলে ব্যক্তিৰ অপ্ৰাণ চেষ্টাত মাণিকপুৰত মহাবিদ্যালয়খন স্থাপন কৰিলে, তেওঁলোকক আজি প্ৰতিষ্ঠা দিৱসৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰে, মহাবিদ্যালয়ৰ সাঁচিপাতত চিৰদিন সোণালী আখৰৰ তেওঁলোকৰ নাম জিলিকি থাকিব ৷

লগতে পঢ়ক: Spice Prices Skyrocketed: বজাৰত হোৰা হোৰে বৃদ্ধি পাইছে মছলাৰ দাম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.