ETV Bharat / state

401 বছৰীয়া জন্ম জয়ন্তীত বীৰ লাচিতক সুঁৱৰিলে মাণিকপুৰবাসীয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 7:05 AM IST

Updated : Nov 25, 2023, 4:47 PM IST

শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাণিকপুৰতো বীৰ লাচিত বৰফুকনৰ 401 বছৰীয়া জন্ম জয়ন্তী পালন কৰা হয় (401th Lachit divas Celebrates)

Birth Anniversary of Lachit Borphuka
মাণিকপুৰতো লাচিত দিৱস পালন
মাণিকপুৰতো লাচিত দিৱস পালন

মাণিকপুৰ, 25 নৱেম্বৰ : সমগ্ৰ ৰাজ্যতে শুকুৰবাৰে জাতীয় নায়ক বীৰ লাচিত বৰফুকনৰ 401 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ বীৰ লাচিত সেনা অসমৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে অসমীয়া জাতিৰ মহানায়ক লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷

উল্লেখ্য যে, মাণিকপুৰ অৰ্দ্ধ সাপ্তাহিক বজাৰ গৃহত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে বীৰ লাচিতৰ জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হয় ৷ তাৰ পাচতে ‘খিলঞ্জীয়া জাগৰণ যাত্ৰা’ নামেৰে এক বিশাল সমদল বাহিৰ কৰা হয় ৷

27 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ মাণিকপুৰ তিনিআলি মাজেৰে গৈ উদযাপনস্থলীত খিলঞ্জীয়া জাগৰণ যাত্ৰাৰ অন্ত পৰে ৷ এই জাগৰণ যাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা-কৃষ্টিৰ সাজপাৰ পৰিধান কৰি শ শ লোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় ৷ যাত্ৰাৰ অন্তত মুকলি সভা আৰু নৱপ্ৰজন্মৰ প্ৰতি সমৰ্পিত গীত মাতৰ জৰিয়তে অনুষ্ঠানটো অনুষ্ঠিত হয় ৷

উক্ত সভাত বীৰ লাচিত সেনাৰ সঞ্চালক প্ৰকাশ বৰুৱাই অংশ গ্ৰহণ কৰি কয়, ‘‘শ শ বছৰ ধৰি খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহে নিজৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰে বাবে সংগ্ৰাম অবিৰতভাৱে চলাই আহিছে ৷ সেই সংগ্ৰামখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ ভৱিষ্যতৰ প্ৰজন্মকো এই সংগ্ৰামখনৰ লগত জড়িত ৰখাৰ উদ্দেশ্যৰে নতুন প্ৰজন্মৰ মাজত বীৰ লাচিতক উৎসাহ হিচাপে বিয়পাই দিবৰ কাৰণে লাচিত দিৱস পালনৰ প্ৰচেষ্টা কৰা হৈছে’’ ৷

তেওঁ কয়, ‘‘বৰ্তমানৰ চৰকাৰে খিলঞ্জীয়াৰ হকে কাম কৰা নাই ৷ খিলঞ্জীয়া বিৰোধী চৰকাৰখনক আগন্তুক সময়ত সকলোৱে উচিত প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজে’’ ৷

লগতে পঢ়ক:জয়ন্তমল্ল বৰুৱাক অলগৰ্ধ মন্ত্ৰী আখ্যা বীৰ লাচিত সেনাৰ

Last Updated : Nov 25, 2023, 4:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.