ETV Bharat / state

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত উদ্ধাৰ গোৱালপাৰাৰ পৰা অপহৃত যুৱকৰ মৃতদেহ - বঙাইগাঁৱত আৰক্ষী

দেওবাৰে নিশা বঙাইগাঁৱৰ বইটামাৰী সংযোগী ভৈৰৱচূড়া পাহাৰত গোৱালপাৰা, ধুবুৰী আৰু বঙাইগাঁৱৰ আৰক্ষীৰ অভিযান ৷ অভিযানত উদ্ধাৰ গোৱালপাৰাৰ পৰা অপহৃত যুৱকৰ মৃতদেহ ৷

Kidnapped boy body recovered from Bongaigaon
বঙাইগাঁৱত আৰক্ষীৰ অভিযানত উদ্ধাৰ গোৱালপাৰাৰ পৰা অপহৃত যুৱকৰ মৃতদেহ
author img

By

Published : Mar 9, 2020, 11:54 AM IST

বঙাইগাঁও,9 মাৰ্চঃ দেওবাৰে নিশা বঙাইগাঁৱৰ বইটামাৰী সংযোগী ভৈৰৱচূড়া পাহাৰত গোৱালপাৰা, ধুবুৰী আৰু বঙাইগাঁৱৰ আৰক্ষীৰ অভিযান ৷ অভিযানত উদ্ধাৰ গোৱালপাৰাৰ পৰা অপহৃত যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন বিগত 25 ফেব্ৰুৱাৰীত গোৱালপাৰাৰ লক্ষীপুৰ চহৰৰ পৰা অপহৃত হোৱা অজয় শ্বাহৰ বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২৫ ফেব্ৰুৱাৰীত অজয়ৰ বন্ধু আমিনুৰ ইছলামে কৌশলেৰে অজয়ক অপহৰণ কৰে আৰু পিছত অজয়ক বঙাইগাঁৱৰ অভয়াপুৰীৰ খাচপাৰাৰ ছহিদুল ইছলাম নামৰ যুৱক এজনক গতাই দিয়ে ৷

ইয়াৰ মাজতে অজয়ৰ মুক্তিৰ দাবীত পৰিয়ালৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবী কৰে অপহৰণকাৰীয়ে ৷ কিন্তু ধন আদায় নোপোৱাত অজয়ক বঙাইগাঁৱৰ বইটামাৰীৰ ঢাকানাবাৰীৰ মইনুল হকৰ গৃহলৈ নি হত্যাৰ পৰিকল্পনা কৰে ৷ সেই অনুসৰিয়ে মইনুলৰ গৃহ সংযোগী ভৈৰৱচূড়া পাহাৰৰ এক আওহতীয়া স্থানত অজয়ক হত্যা কৰি পেলাই থৈ আহে ৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰা ছহিদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে নিশা তিনি জিলাৰ আৰক্ষীয়ে অভিযান চলাই অজয়ৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীৰ উপস্থিতিৰ উমান পাই মইনুল পলায়ন কৰিবলৈ সক্ষম হয় যদিও মইনুলৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা লেপটপ আৰু কিছু সংখ্যক চোকা অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক-হোজাই জিলা লংকাত নিশা ভয়াবহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.