বঙাইগাঁও, 28 মে': কমতা শিৰোমণি, কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, গৱেষক, বিশিষ্ট সাহিত্যিক প্ৰয়াত অৰুণ কুমাৰ ৰায়ৰ আজি চতুৰ্থ বাৰ্ষিকী ৷ মৃত্যু তিথিৰ দিনটোত বঙাইগাঁওৰ বিভিন্ন ঠাইত বিশিষ্ট সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে ৰাইজে ৷ সমান্তৰালকৈ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত ৰত্নপীঠ ক্ষেত্ৰত কোঁচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগতো প্ৰয়াত বিশিষ্ট সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
উক্ত অনুষ্ঠানত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় চৰকাৰ মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে উপস্থিত থাকে কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্য নাৰায়ণ ৰায়, সাধাৰণ সম্পাদক পূৰ্ণিমা চৌধুৰী, ডঃ ৰূপাঞ্জলি দেৱী ধৰি বহু কেইজন লোক ৷ আটাইয়ে প্ৰয়াত অৰুণ কুমাৰ ৰায়লৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ৷
লগতে পঢ়কঃ সনাতন ডেকা হত্যাকাণ্ডৰ চতুৰ্থজন অভিযুক্ত আটক