ETV Bharat / state

কলগাছিয়াত মূল্যবান কাঠভৰ্তি বাহন জব্দ - Timber seized in Kalgachia

ৰাজ্যত অব্যাহত কাঠৰ চোৰাং বেহা(Continued smuggling of wood in state) । আৰক্ষী তথা বনবিভাগেও চলাই গৈছে অবিৰত অভিযান । কলগাছিয়াত আৰক্ষীয়ে চলোৱা তালাচীত জব্দ বুজন পৰিমাণৰ মূল্যবান কাঠ(Police seized timber) । আটক কৰে কাঠ কঢ়িয়াই অনা টাটা ডি আই বাহনৰ চালকজনক ।

illegal valuable wood seized in kalgachia
কলগাছিয়াৰ ৰঙাপানী ৰাজ্যিক ঘাইপথত অবৈধ মূল্যবান কাঠভৰ্তি টাটা ডি আই গাড়ী জব্দ
author img

By

Published : May 16, 2022, 1:39 PM IST

কলগাছিয়া,১৬ মে': ৰাজ্যত অব্যাহত কাঠৰ চোৰাং বেহা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলগাছিয়াতো আৰক্ষীৰ চকুত ধুলি দি এক দুষ্ট চক্ৰই চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । নিশাৰ ভাগত অভিযান চলাই ৰঙাপানী ৰাজ্যিক ঘাইপথত আৰক্ষীয়ে জব্দ কৰে অবৈধ মূল্যবান কাঠভৰ্তি এখন টাটা ডি আই (Timber seized in Kalgachia) ।

উল্লেখযোগ্য যে, অভয়াপুৰীৰ পৰা বৰপেটা লৈ যোৱা দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথত নিশা বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকাত বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষীয়ে তহল দি থকা অৱস্থাত AS 19 C 5609 নম্বৰৰ এখন মূল্যবান কাঠভৰ্তি টাটা ডি আই গাড়ী জব্দ কৰে । লগতে আটক কৰে গাড়ীখনৰ চালক জনক ।

কলগাছিয়াৰ ৰঙাপানী ৰাজ্যিক ঘাইপথত অবৈধ মূল্যবান কাঠভৰ্তি টাটা ডি আই গাড়ী জব্দ

চোৰাং কাঠখিনি চাপৰৰ পৰা কলগাছিয়াৰ দিশে লৈ যোৱা হৈছিল বুলি গাড়ীৰ চালকজনে উল্লেখ কৰে । ইফালে জেৰাৰ অন্তত আৰক্ষীয়ে চালক জেললৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে । লগতে আৰক্ষায়ে প্ৰকাশ কৰা তথ্য অনুসৰি জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় দুই লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ।

আনহাতে গাড়ীসহ চোৰাং কাঠখিনি বঙাইগাঁও বনবিভাগক চমজাই দিব বুলি মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । কাঠৰ অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসন তৎপৰ হোৱাৰ পাছতো নামনি অসমত কাৰ আশীৰ্বাদত এনে চোৰাং ব্যৱসায় চলি আছে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক: কামপুৰত বানৰ বিভীষিকা; পানীৰ তলত 50 খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.