ETV Bharat / state

বঙাইগাঁৱৰ নাককাটি সংৰক্ষিত বনাঞ্চলত অবাধ খনন - চিৰাং

বন বিভাগৰ অনুমতি অবিহনেই চৰকাৰক এক বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকিৰে বনাঞ্চলৰ মাটি নিউ বঙাইগাঁও-গুৱাহাটী ৰেলপথ নিৰ্মাণত ব্যৱহাৰ কৰি আহিছে প্ৰতিষ্ঠানটোৱে ৷ নীৰৱ ভূমিকাত বন বিভাগ ৷

নাককাটি সংৰক্ষিত বনাঞ্চলত অবাধ খনন
author img

By

Published : Mar 19, 2019, 10:21 AM IST

বঙাইগাঁও, 19 মাৰ্চ : বঙাইগাঁৱৰনাককাটি সংৰক্ষিত বনাঞ্চলত চলিছে অবাধ খনন কাৰ্য । বহিঃৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠান এ বি চি ইণ্ডিয়াই সংৰক্ষিত বনাঞ্চলখনত দিনে-নিশাই চলাইছে অবৈধ খনন কাৰ্য ।

নাককাটি সংৰক্ষিত বনাঞ্চলত অবাধ খনন
বন বিভাগৰ অনুমতি অবিহনেই চৰকাৰক এক বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকিৰে বনাঞ্চলৰ মাটি নিউ বঙাইগাঁও-গুৱাহাটী ৰেলপথনিৰ্মাণতব্যৱহাৰ কৰি আহিছে প্ৰতিষ্ঠানটোৱে ৷ বহিৰাগত প্ৰতিষ্ঠানটোৰ এনে কাৰ্য দেখিও নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আহিছে বন বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ ইপিনে বন বিভাগৰ অনুমতি অবিহনেই পাহাৰখনত খনন কাৰ্য চলি থকা বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে খোদ জিলাখনৰ বন-বিষয়া আব্দুল চালাম আৰিফে । সাংবাদিকৰ দল এটাই খননস্থলীত উপস্থিত হোৱাত সাংবাদিকৰ দল দেখি পলায়ন কৰে খনন কাৰ্য চলাই থকা কেইবাখনো ডাম্পাৰ আৰু এছকেভেটৰসহ কোম্পানীটোৰ কৰ্মচাৰীসকলে৷ এতিয়া প্ৰশ্ন হয়, বন বিভাগৰ জ্ঞাতসাৰেএই খনন কাৰ্য চলি থকা স্বত্বেও কিয় এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে ৷

Slug : A_Chirang_19th Mar_801 to 804_Bongaigaon illegally hill cutting_vis & byte_Abdul Maleque Ahmed. 

Viz Send by FTP. 

বঙাইগাঁৱত বহিঃৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংৰক্ষিত বনাঞ্চলত অবাধ খনন,নীৰৱ দৰ্শকৰ ভূমিকাত বঙাইগাঁৱৰ বন বিভাগ ।

বঙাইগাঁও সদৰ চহৰৰ সমীপৱৰ্তী নাককাটি সংৰক্ষিত বনাঞ্চলত চলিছে এতিয়া অবাধ খনন কাৰ্য্য । এই খনন কাৰ্য্য দেখিও যেন নেদেখাৰ ভাও ধৰিছে বঙাইগাঁৱৰ বন বিভাগে । উল্লেখ্য যে বহিঃৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠান এ বি চি ইণ্ডিয়াই সংৰক্ষিত বনাঞ্চলখনত দিনে-নিশাই চলাইছে এছকেভেটৰৰে অবাধে খনন কাৰ্য্য । উল্লেখ্য যে পাহাৰখনত খনন চলাই তথা চৰকাৰক বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকিৰে ইয়াৰ মাটি নিৰ্মীয়মান নিউ বঙাইগাঁও-গুৱাহাটী ৰেলপথত ব্যৱহাৰ কৰি আহিছে প্ৰতিষ্ঠানটোৱে । বন বিভাগৰ অনুমতি অবিহনেই পাহাৰখনত খনন কাৰ্য্য চলি থকা বুলি খোদ জিলা বন বিষয়া আব্দুল চালাম আৰিফে আওপকীয়া সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে । সোমবাৰে বঙাইগাঁৱৰ সাংবাদিকৰ দল এটাই এই সম্পৰ্কত অধিক জানিবলৈ খনন কাৰ্য্যস্থলীত উপস্থিত হয় যদিও সাংবাদিকৰ দলটো দেখি কেবাখনো ডাম্পাৰ আৰু এছকেভেটৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে । অৱশ্যে পিছত সাংবাদিকৰ দলটোৱে সংৰক্ষিত বনাঞ্চলখনত অবাধে চলি থকা খনন কাৰ্য্য সম্পৰ্কত জিলা বন বিষয়া আব্দুল চালাম আৰিফ আৰু জিলা উপায়ুক্ত আদিল খানক অৱগত কৰাই বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায়।।

বাইট : ১। আব্দুল চালাম আৰিফ , ডি এফ অ । 
           ২। স্থানীয় লোক । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.