মাণিকপুৰ, ২৪ছেপ্টেম্বৰ:বঙাইগাওঁ জিলাৰ মাণিকপুৰত অঘটন । মাণিকপুৰ আৰক্ষী থানাখনৰ অন্তৰ্গত পূৱ গোঁসাইগাঁৱৰ কিতাপ আলী নামৰ গৃহৰক্ষী জোৱান এজনে ডাঙাইগাঁৱত যোৱা নিশা চিপ লৈ আত্মহত্যা কৰে(Home guard commits suicide in Manikpur)। এই ঘটনাক লৈ এতিয়া উক্ত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উক্ত ঘটনাৰ বিৱৰণি অনুসৰি আন দিনাৰ দৰে কালি সন্ধিয়া কিতাপ আলীয়ে কৰ্মস্থলী ঢালিগাঁৱলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাই আহে । পৰিয়ালৰ লোকে এই সন্দৰ্ভত উল্লেখ কৰা মতে,কিতাপে কৰ্মস্থলীত উপস্থিত হয় যদিও গা বেয়া বুলি কৈ ঘৰলৈ উভতি আহে । নিশা ঘৰলৈ উভতি নহাত পৰিয়ানৰ লোকে কৰ্মস্থলীৰ সহকৰ্মীলৈ ফোন কৰে । সহকৰ্মীয়ে তেওঁ ঘৰলৈ উভতি যোবা বুলি কোৱাত পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰি নোপোৱাত চিন্তিত হয় ।
পুৱা সাত মান বজাত পৰিয়ালৰ লোকে কিতাপক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে । লগে লগে এই বিষয়ে অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে । মৃত্যুৰ কাৰণ পাৰিবাৰিক সমস্যা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ আৰু দুগৰাকী কন্য়া সন্তান ইহ সংসাৰত এৰি যায় ।
লগতে পঢ়ক: বৰডুমচা আৰু ডিগবৈৰ পৰা সন্ধানহীন তিনি কিশোৰ উদ্ধাৰ