ETV Bharat / state

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ: আটক এজন - গাঞ্জা জব্দ

কোকিলা আৰক্ষী আৰু গেৰুকাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত আলতাপ হুছেইনৰ ঘৰত অভিযান চলাই গাঞ্জা (Ganja) জব্দ কৰে । হুছেইনৰ ঘৰৰ পৰা আৰক্ষীয়ে প্ৰায় ২১ কেজি ২০০ গ্ৰাম গাঞ্জা (Ganja) জব্দ কৰে ৷

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ: আটক এজন

author img

By

Published : Jul 7, 2021, 10:48 AM IST

অভয়াপুৰী, 7 জুলাই : বঙাইগাঁও জিলাৰ নাৰাৰভিটাত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja)সহ এজনক আটক কৰে । আৰক্ষীয়ে আটক কৰা লোকজন আলতাপ হুছেইন বুলি জানিব পৰা হৈছে ৷ কোকিলা আৰু গেৰুকাবাৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে লোকজনক ৷ আলতাপ হুছেইনৰ পৰা আৰক্ষীয়ে প্ৰায় ২১ কেজি ২০০ গ্ৰাম গাঞ্জা (Ganja) জব্দ কৰে ৷

কোকিলা আৰু গেৰুকাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আলতাপ হুছেইনৰ ঘৰত অভিযান চলাই গাঞ্জা (Ganja)খিনি জব্দ কৰে । আলতাপ হুছেইনে দীৰ্ঘদিন ধৰি নিজ ঘৰৰ পৰাই গাঞ্জা (Ganja)ৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে গাঞ্জা (Ganja)খিনি জব্দ কৰাৰ লগতে আলতাপ হুছেইনকো আটক কৰে ।

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ: আটক এজন
বঙাইগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ: আটক এজন

বৰ্তমান গেৰুকাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ পিচতে ৰাজ্যৰ এখন পাছত আনখন জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । আৰক্ষী (Police)য়ে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সুৰা (Lequor), ড্ৰাগছ (Drug), গাঞ্জা (Ganja)আদি নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ক আটক কৰে ৷

লগতে পঢ়ক : নতুন SOP অনুসৰি কি কি নীতি-নিয়ম প্ৰযোজ্য হ’ব আপোনাৰ জিলাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.