উত্তৰ অভয়াপুৰী,২ আগষ্ট: বঙাইগাঁৱত অব্যাহত আছে বানৰ তাণ্ডৱ ৰূপ ৷ জিলাখনৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰত থকা কাঠৰ দলংখন শনিবাৰে নিশা বাঢ়নী পানীয়ে উটুৱাই লৈ যায় ৷ দীৰ্ঘদিনে জৰাজীৰ্ণ অৱস্থাত থকাৰ ফলতে দলঙখন সহজে উটুৱাই লৈ যায় বানে ৷ অঞ্চলটোৰ ৰাইজে দলঙখন মেৰামতি কৰাৰ সন্দৰ্ভত স্থানীয় বিধায়কক সাক্ষাৎ কৰি কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো বিষয়টোত গুৰুত্ব আৰোপ নকৰিলে কোনো এগৰাকী জন প্ৰতিনিধিয়ে ৷ দলঙখন উটি যোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় 20 খন গাঁৱৰ ৰাইজৰ মাজত ব্যাহত হৈ পৰিছে যাতায়াত ৷ সম্প্ৰতি উক্ত অঞ্চলটোত এখন সৰু টুলুঙা নাৱেৰে ৰাইজে যাতায়ত অব্যাহত ৰাখিছে যদিও যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ সেয়ে উক্ত অঞ্চলৰ ৰাইজে জিলা প্ৰশাসনক যাতায়াতৰ বাবে বিকল্প ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে ৷
উল্লেখ্য যে,বিগত সপ্তাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাখনৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ৰাইজক সকলো প্ৰকাৰৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এই আশ্বাসৰ পিছতো জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ সমস্য়াৰ প্ৰতি গুৰুত্ব নিদিয়াতো পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷
লগতে চাওকঃ বাক্সাত হাতীৰ গচকত নিহত এজন