ETV Bharat / state

ব্যতিক্ৰমী চিন্তাৰে বঙাইগাঁৱৰ এজন শিক্ষক... - exceptional head teacher in abhayapur

এজন ব্যতিক্ৰমী শিক্ষক ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ ডুমুৰীয়া মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ডুমুৰীয়া পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছিৰখাত হুছেইনৰ ব্যতিক্ৰমী চিন্তাই মুগ্ধ কৰিছে সকলোকে ৷

exceptional-head-teacher-in-abhayapur-etv-bharat-assam
ব্যতিক্ৰমী চিন্তাৰে বঙাইগাঁৱৰ এজন শিক্ষক...
author img

By

Published : Aug 5, 2021, 7:19 PM IST

বঙাইগাঁও, 5 আগষ্ট: গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নমঃ ... শিক্ষক ভগৱান স্বৰূপ ৷ শিক্ষকৰ হাততে শিক্ষাৰ পোহৰৰ চাকিগছি ৷ শিক্ষক হৈছে এগৰাকী বন্ধু, অভিভাৱক, পথ পৰিদৰ্শক ৷ শিক্ষকক ভগৱানৰ দুৱাৰ আখ্যা দিয়া হয় ৷

বঙাইগাঁৱৰ অভয়াপুৰীৰ এজন শিক্ষক এতিয়া আদৰ্শ হৈ পৰিছে ৷ এই ব্যতিক্ৰমী শিক্ষক জন ছিৰখাত হুছেইন ৷ এজন অগতানুগতিক শিক্ষক ৷ এইগৰাকী এনে এজন শিক্ষক যিজন শিক্ষকে লক ডাউনৰ সময়চোৱাত ঘৰত বহি দৰমহা লোৱাৰ সলনি বিদ্যালয়ৰ আশে-পাশে থকা গাঁৱে-গাঁৱে ঘূৰি খবৰ লৈ ফুৰিছে ছাত্ৰ-ছাত্ৰীৰ ৷

ব্যতিক্ৰমী চিন্তাৰে বঙাইগাঁৱৰ এজন শিক্ষক...

কেতিয়াবা যদি বাটে-ঘাটে লগ পোৱা ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ খবৰ লৈছে, কেতিয়াবা আকৌ কাৰোবাৰ চোতালতে ক’ভিড প্ৰট’কল মানি পঢ়ুৱাইছে ছাত্ৰ-ছাত্ৰীক ৷ এইজন শিক্ষকে ইতিমধ্যে ৰাজ্যবাসীৰ বাবে হৈ পৰিছে এটি পৰিচিত নাম ৷ শিক্ষকগৰাকী হ'ল বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ ডুমুৰীয়া মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ডুমুৰীয়া পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা আন্তৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক ছিৰখাত হুছেইন ৷

শিক্ষকগৰাকীৰ এনে প্ৰচেষ্টাক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে । মুঠতে সমাজ উত্তৰণৰ বাটত ছিৰখাত হুছেইনৰ দৰে শিক্ষক হৈ ৰওঁক সকলোৰে বাবে আদৰ্শ ৷ ক’ভিড 19 ৰ ভয়াৱহতাৰ বাবে প্ৰায় ডেৰ বছৰ ধৰি বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ ৷ এই সময়চোৱাত শিক্ষাৰ্থীসকলৰ যথেষ্ট ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ এই পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ খবৰ লৈ শিক্ষকগৰাকীয়ে যি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে, এয়া যথেষ্ট প্ৰশংসনীয় ৷

লগতে পঢ়ক: শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.