অভয়াপুৰী, 26 জুলাই : বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ১ নং কাহিবাৰীত আই নদীৰ খহনীয়াৰ কালৰূপে গাঁওবাসীৰ মাজত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ । বান কমি যোৱাৰ লগে লগে এইবাৰ চপৰা চপৰে খহিছে নৈৰ গৰা । ইতিমধ্যে নৈত জাহ গৈছে ১৫ টা পৰিয়ালৰ ভেটি মাটি, পুখুৰী, তামোল আৰু বাঁহৰ বাগান । খহনীয়াৰ ভাবুকিত গাঁওখনৰ কেইবাটাও পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি কৰিছে । ইপিনে খহনীয়া প্ৰতিৰোধ নকৰিলে কাহিবাৰী গাঁৱৰ আন বহুকেইটা পৰিয়াল খহনীয়াৰ ভাবুকিৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷
আই নদীৰ খহনীয়াৰ কালৰূপ - অভয়াপুৰী
আই নদীৰ খহনীয়া ৷ চপৰা-চপৰে খহিছে গৰা ৷ খহনীয়াৰ ভাবুকিত ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ গতি গঞাৰ ৷
অভয়াপুৰী, 26 জুলাই : বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ১ নং কাহিবাৰীত আই নদীৰ খহনীয়াৰ কালৰূপে গাঁওবাসীৰ মাজত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ । বান কমি যোৱাৰ লগে লগে এইবাৰ চপৰা চপৰে খহিছে নৈৰ গৰা । ইতিমধ্যে নৈত জাহ গৈছে ১৫ টা পৰিয়ালৰ ভেটি মাটি, পুখুৰী, তামোল আৰু বাঁহৰ বাগান । খহনীয়াৰ ভাবুকিত গাঁওখনৰ কেইবাটাও পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি কৰিছে । ইপিনে খহনীয়া প্ৰতিৰোধ নকৰিলে কাহিবাৰী গাঁৱৰ আন বহুকেইটা পৰিয়াল খহনীয়াৰ ভাবুকিৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷
Body: বঙাইগাওঁ জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ১ নং কাহিবাৰীত আই নদীৰ খহনীয়াৰ কালৰূপে গাওবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে । বানপানী কমি যোৱাৰ লগে লগে বানপানীৰ পিছত এইবাৰ নৈ খনৰ খহনীয়াত চপৰা চপৰে খহিছে গৰা। নৈত জাহ গৈছে ১৫ পৰিয়ালৰ ভেটি মাটি, পুখুৰী, তামুল আৰু বাহৰ বাগান। খহনীয়াৰ ভাবুকিত ইতিমধ্যে গাও খনৰ কেবাটাও পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ চেষ্টা কৰি আছে যদিও এইক্ষেত্ৰত ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোক চৰকাৰ, জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ সহায় কামনা কৰিছে।খহনীয়া প্ৰতিৰোধ নকৰিলে কাহিবাৰী গাৱৰ আন বহুকেইটা পৰিয়াল খহনীয়াৰ ভাবুকিৰ সন্মুখীনত পৰাৰ পুৰ্ণসম্ভাৱনা আছে। Conclusion: