ETV Bharat / state

সংখ্যালঘু ছাত্ৰবৃ্ত্তিৰ কেলেংকাৰীঃ ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ

author img

By

Published : Aug 20, 2020, 4:54 PM IST

বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱত আমছুৰ প্ৰতিবাদ । মুখ‍্যমন্ত্ৰী আৰু সংখ‍্যালঘু বিভাগৰ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ । সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰীৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ।

Effigy of CM burn by AAMSU Bongaigaon assam etv bharat new
আমছুৰ প্ৰতিবাদ

বঙাইগাঁও,20 আগষ্ট: বঙাইগাঁও জিলা আমছুয়ে বৃহস্পতিবাৰে নিউ বঙাইগা‍ঁৱত মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ‍্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যত সংঘটিত সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ ধন কেলেংকাৰীৰ বিৰুদ্ধে আমছুয়ে দীৰ্ঘদিনৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিছতো বিষয়টোত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । মন্ত্ৰী দুগৰাকীৰ পুত্তলিকা দাহেৰে আমছুয়ে চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি কয় যে, শীঘ্ৰে সংখ‍্যালঘু ছাত্র বৃত্তিৰ ধনৰ কেলেংকাৰীৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে ৷

আমছুৰ প্ৰতিবাদ

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভে আমছুয়ে তথ‍্য সহকাৰে চৰকাৰক জনোৱাৰ পিছতো চৰকাৰে বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক আখ‍্যা দিয়ে প্ৰতিবাদকাৰীসকলে । দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ পিছতো চৰকাৰে বিষয়টোত নীৰৱ ভূমিকা গ্ৰহণ কৰাতো ৰহস‍্যজনক ৷

লগতে চাওকঃ চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে গোৱালপাৰাত উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.