বঙাইগাঁও,29 মে’: ৬নং মাণিকপুৰ জিলা পৰিষদৰ সদস্য চৰণ ৰাজবংশীৰ মৃত্যু । শকুৰবাৰে সন্ধিয়া ৭.৩০ মান বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৰাজবংশীয়ে ৷ ৰাজবংশীয়ে ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰি কংগ্ৰেছৰ পৰা জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল ।
উল্লেখ্য যে, ৰাজবংশী দীৰ্ঘদিন ধৰি লিভাৰৰ সমস্যাত ভূগি আছিল । তেখেতৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : লখিমপুৰত আৰক্ষীৰ জালত তেজৰ দালাল