ETV Bharat / state

আই নদীৰ গৰাখহনীয়াত গৃহহীন শ শ লোক

author img

By

Published : Jul 11, 2020, 8:10 PM IST

এতিয়াও অপৰিৱৰ্তিত হৈ আছে উত্তৰ অভয়াপুৰীৰ বান পৰিস্থিতি ৷ ইতিমধ্যে 17 দিনে বানত প্লাৱিত হৈ আছে অৰ্ধ শতাধিক গাঁও ৷

Danger Flood At Bongaigaon district
আই নদীৰ গৰাখহনীয়াত গৃহহীন শ শ লোক

উত্তৰ অভয়াপুৰী, 11জুলাইঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰীত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ বানত ইতিমধ্যে 50 খনৰো অধিক গাঁও জলমগ্ন হৈছে ৷

আই নদীৰ গৰাখহনীয়াত গৃহহীন শ শ লোক

ৰাজ্যত দীৰ্ঘ দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো আই নদীৰ বাঢ়নী পানীয়ে ভাণ্ডাৰা,দক্ষিণ কাজদহা,জাৰাগুৰী,জামদহা আদিকে ধৰি প্লাৱিত কৰিছিল 50 খনৰো অধিক গাঁও । তাৰোপৰি নৈ খনৰ বাঢ়নী পানীয়ে গিৰুকাবাৰী-কীত্তৰ্নপাৰা সংযোগী পকী পথটো বুৰাই পেলোৱাৰ ফলত যাতায়াত সেৱা ব্যাহত হৈ আছে ৷ আনহাতে 17 দিনে বানত প্লাৱিত হৈ থকাৰ ফলত ঘৰ দুৱাৰ,পশুধনৰ লগতে বহু সা -সম্পত্তি নষ্ট হয় বানাক্ৰান্ত লোকসকলৰ।

ইফালে বানত বিভিন্ন অঞ্চলৰ ৰাইজে ককবকাই থকাৰ পিছতো চৰকাৰ তথা বঙাইগাঁও জিলা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰিছে বানাক্ৰান্ত লোক সকলে ৷ আনহাতে আই নদীৰ সুতিয়ে তীব্ৰ গৰাখহনীয়া সৃষ্টি কৰাত শ শ লোক এতিয়া গৃহহীন হৈ পৰিছে । ইতিমধ্যে ঘৰ দুৱাৰ নষ্ট হোৱাত এতিয়া পথৰ ওপৰতে শিবিৰ পাতি থাকিবলগীয়া হৈছে বানাক্ৰান্ত লোকসকলে ৷

লগতে পঢ়ক- মৰাপাগলাদিয়া নৈৰ মথাউৰি বান্ধিবলৈ ৰাইজৰ অপ্ৰাণ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.