ETV Bharat / state

বঙাইগাঁৱত মৰণক শৰণ দি ভগা বাঁহৰ দলঙেৰে যাত্ৰা ৰাইজৰ

বঙাইগাঁৱৰ শৌলমাৰীত বাৰিষা অহাৰ লগে লগে প্ৰায় 20 খন গাঁৱৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী বঞ্চিত হয় পাঠ গ্ৰহণৰ পৰা ৷ দীৰ্ঘ দিন ধৰি চৰকাৰ তথা প্ৰশাসনক দলং খন নিৰ্মাণ কৰি দিবলৈ আহ্বান কৰি আহিছে যদিও এতিয়ালৈ কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

author img

By

Published : Dec 7, 2019, 6:34 PM IST

ETV BHARAT
বঙাইগাঁৱত মৰণক শৰণ দি ভগা বাঁহৰ দলঙেৰে যাত্ৰা ৰাইজৰঃ গুৰুত্ব নাই প্ৰশাসনৰ

বঙাইগাঁও, 7 ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীত মৰণক শৰণ দি ভগা বাঁহৰ দলঙেৰে যাত্ৰা পথচাৰীৰ । বাৰিষা আহিলেই পাঠ গ্ৰহণৰ পৰা বঞ্চিত হয় অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৷

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ পোকালাগী নদীৰ ওপৰত শৌলমাৰীত ৰাইজে দীৰ্ঘদিন ধৰি বিপদ সংকুলভাৱে বাঁহৰ সাঁকোৰে যাতায়ত অব্যাহত ৰাখিছে । স্থানীয় ৰাইজে প্ৰতিবছৰে নিজ খৰচত দুবাৰকৈ বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়ত কৰিবলগীয়া হৈছে। প্ৰায় ১৫-২০খন গাওঁৰ ৰাইজৰ লগতে ৮-১০ খন স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীয়ে নিতৌ অহাযোৱা কৰিব লগীয়া হৈছে এইখন জৰাজীৰ্ণ বাঁহৰ দলঙৰে ।

নিৰ্বাচনৰ সময়ত দলংখন পকী কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত খবৰ লবলৈ সময় নাপায় জনপ্ৰতিনিধিয়ে । দীৰ্ঘ দিন ধৰি চৰকাৰ তথা প্ৰশাসনক দলং খন নিৰ্মাণ কৰি দিবলৈ আহ্বান কৰি আহিছে যদিও এতিয়ালৈ কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অতি শীঘ্ৰে উক্ত পথটোত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিক আহ্বান জনাইছে ৰাইজৰ লগতে বিভিন্ন দল সংঘঠনে ৷

লগতে পঢ়ক - অসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

Intro:বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীত মৰণক শৰণ দি ভগা দলঙেদি যাত্ৰা পথচাৰীৰ । চৰকাৰ প্ৰশাসন তথা বিধায়কৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ।

Body:বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ পোকালাগী নদীৰ ওপৰত শৌলমাৰীত ৰাইজে দীৰ্ঘদিন ধৰি বিপদ সংকুলভাৱে বাঁহৰ সাঁকোৰে যাতায়ত অব্যাহত ৰাখিছে । স্থানীয় ৰাইজে প্ৰতিবছৰে নিজ খৰচত দুবাৰকৈ বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়ত কৰিবলগীয়া হৈছে। প্ৰায় ১৫-২০খন গাওঁৰ ৰাইজৰ লগতে ৮-১০ খন স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীযে নিতৌ অহাযোৱা কৰিব লগীয়া হৈছে এইখন ভয়ানক দলঙেৰে । কিন্তু তাৰ পিছতো খৱৰ লবলৈ সময় পোৱা নাই স্থানীয় কংগ্ৰেছী বিধায়ক আব্দুল হাই নাগৰীৰ লগতে জিলা প্ৰশাসন আৰু চৰকাৰে ।

পথচাৰীৰ বাইট দিলো ।

Conclusion:একমাত্ৰ নিৰ্বাচনৰ সময়ত দলংখন পকী কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত কোনো খৱৰ লবলৈ সময় নাপায় জনপ্ৰতিনিধিয়ে । চাইকেল বা মটৰচাইকেল আৰোহীক দুজনে ধৰি দলংখনৰ পৰা নমাই দিবলগীয়া হয়। সেয়ে শীঘ্ৰেই এখন কাঠৰ দলং নিৰ্মান কৰি দিবলৈ দাবী জনাইছে অঞ্চলবাসীয়ে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.