ETV Bharat / state

অভয়াপুৰীত বিদ্যালয় নিৰ্মাণত ব্যাপক দূৰ্নীতিঃ 3 বছৰে অসম্পূৰ্ণ নিৰ্মাণ কাৰ্য - বিদ্যালয়

অভিযোগ মতে তিনি বছৰ পূৰ্বে মইনাপাৰা সাৰ্বজনীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুটাকৈ গৃহ নিৰ্মাণৰ বাবদ ২১ লাখকৈ টকা আৱণ্টন দিছিল চৰকাৰে। ইয়াৰে এম এছ ডি পি আঁচনিৰ অধীনত নিৰ্মাণ কৰি থকা বিল্ডিংটোৰ নিৰ্মাণৰ দায়িত্বত আছিল প্ৰাক্তন প্ৰধান শিক্ষক মাধৱ মণ্ডল।

অভয়াপুৰীত বিদ্যালয় নিৰ্মাণত ব্যাপক দূৰ্নীতিঃ 3 বছৰে অসম্পূৰ্ণ নিৰ্মাণ কাৰ্য্য
author img

By

Published : Jun 18, 2019, 1:20 PM IST

উত্তৰ অভয়াপুৰী, ১৮জুনঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মইনাপাৰা সাৰ্বজনীন উচ্চ মাধ্যমিক বিদ্যালয়ত গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। দুটাকৈ গৃহ নিৰ্মাণৰ নামত আবণ্টিত টকাৰ সিংহভাগ আত্মসাৎ কৰি ঠিকাদাৰে কাম বন্ধ কৰি ৰখাৰ অভিযোগ ৰাইজৰ। অভিযোগ মতে তিনি বছৰ পূৰ্বে মইনাপাৰা সাৰ্বজনীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুটাকৈ গৃহ নিৰ্মাণৰ বাবদ ২১ লাখকৈ টকা আৱণ্টন দিছিল চৰকাৰে। ইয়াৰে এম এছ ডি পি আচনিৰ অধীনত নিৰ্মাণ কৰি থকা বিল্ডিংটোৰ নিৰ্মাণৰ দায়িত্বত আছিল প্ৰাক্তন প্ৰধান শিক্ষক মাধৱ মণ্ডল। মণ্ডলে প্ৰথম কিস্তিত লাভ কৰা ১০ লাখ টকাৰে নামমাত্ৰ কাম কৰি সৰহভাগ টকাই প্ৰধান শিক্ষকজনে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। ফলত বৰ্তমানলৈ এই বিদ্যালয় গৃহ নিৰ্মাণৰ কাম বন্ধ হৈ আছে।

অভয়াপুৰীত বিদ্যালয় নিৰ্মাণত ব্যাপক দূৰ্নীতিঃ 3 বছৰে অসম্পূৰ্ণ নিৰ্মাণ কাৰ্য্য

আনহাতে বিদ্যালয়খনৰ আন এটা গৃহ নিৰ্মাণৰ বাবদ আবণ্টিত ২১ লাখ টকাৰ কামৰ দায়িত্ব দিয়া হয় উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰীৰ ঘনিষ্ঠ ঠিকাদাৰ টিটুক। ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰজনে বিদ্যালয় গৃহৰ কাম অতি নিম্ন মানৰ কৰাৰ লগতে শামুকীয়া গতিৰে কাম কৰি আহিছে। স্থানীয় ৰাইজে এই সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই। বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাৰ ফলত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশো বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

Intro:মইন্যা পাৰাত বিদ্যালয় নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি ।তিনি বছৰে সম্পূৰ্ণ নহল নিৰ্মাণ কাৰ্য্য। ধন আত্মসাৎৰ অভিযোগ ।
Body:উত্তৰ অভয়াপুৰী ১৮জুনঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মইন্যা পাৰা সাৰ্বজনীন উচ্চ মাধ্যমিক বিদ্যালয়ত গৃহ নিৰ্মাণৰ নামত চলিছে ব্যাপক দূৰ্নীতি।দুটাকৈ গৃহ নিৰ্মাণৰ নামত আৱণ্টিত টকাৰ সিংহভাগ আত্মসাৎ কৰি কাম বন্ধ কৰি দিছে ঠিকাদাৰে।প্ৰাপ্ত অভিযোগ মতে তিনি বছৰ পূৰ্বে মইন্যা পাৰা সাৰ্বজনীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুটাকৈ গৃহ নিৰ্মাণৰ বাবদ ২১ লাখ, আৰু ২১ লাখকৈ টকা আৱণ্টন পায়। ইয়াৰে এম এছ ডি পি আচনিৰ অধীনত নিৰ্মাণ কৰি থকা বিল্ডিং টোৰ নিৰ্মাণৰ দায়িত্বত আছিল প্ৰাক্তন প্ৰধান শিক্ষক মাধৱ মণ্ডল। মণ্ডলে প্ৰথম কিস্তিত লাভ কৰা ১০ লাখ টকাৰে অলপ মান কাম কৰি সিংহভাগ টকা প্ৰধান শিক্ষক মন্ডলে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। যাৰ ফলত আজি পৰ্য্যন্ত এই বিদ্যালয় গৃহ নিৰ্মাণৰ কাম বন্ধ হৈ আছে।
ইফালে বিদ্যালয় খনৰ আন এটা গৃহ নিৰ্মাণৰ বাবদ আৱণ্টিত ২১ লাখ টকাৰ কামৰ দায়িত্ব পায় উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিৰ ঘনিষ্ঠ ঠিকাদাৰ টিটুয়ে। ঠিকাদাৰ টিটুয়ে বিদ্যালয় গৃহৰ কাম অতি নিম্ন মানৰ কৰাৰ লগতে শামুকীয়া গতিৰে কাম কৰি অহাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে এই সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই। বিদ্যালয় খনৰ গৃহ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাৰ ফলত বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশো বিনষ্ট হৈ পৰিছে।Conclusion:স্থানীয় ৰাইজৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.