ETV Bharat / state

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 7 - 31 নং ৰাষ্ট্ৰীয় ঘাইপথ

বঙাইগাঁও জিলাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আই নৈৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত আহত হয় 7 গৰাকীকৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী ৷

container truct and a paasenger vachle accident in bongaigaon
বঙাইগাঁৱত ট্ৰাকে মহটিয়াই নিলে টাটাৰ ছোটা হাতীক, আহত 7
author img

By

Published : Jun 20, 2021, 10:27 PM IST

অভয়াপুৰী, 20 জুন : বঙাইগাঁও জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আই নৈৰ দলঙৰ ওপৰত এখন কন্টেইনাৰ ট্ৰাকে যাত্ৰীবাহী টাটা এচিই(TATA ACE) বাহনক মহতিয়াই নিয়ে ৷ দুৰ্ঘটনাটোত যাত্ৰীবাহী বাহনখনত থকা সাত জনকৈ লোক আহত হয় ৷ ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

বঙাইগাঁৱত ট্ৰাকে মহটিয়াই নিলে টাটাৰ ছোটা হাতীক, আহত 7

জানিব পৰা মতে, দলঙৰ ওপৰত থকা গাঁত এটাৰ ৰক্ষা পাবলৈ কন্টেইনাৰ ট্ৰাকে চাৰিচকীয়া যাত্ৰীবাহী বাহনখনক একে দিশৰ পৰা অহা বাহনখনক কিছু দূৰলৈ মহতিয়াই নিয়ে ৷ দুৰ্ঘটনাৰ পিছতে আৰক্ষী আৰু স্থানীয় লোকে আহত সকলক উদ্ধাৰ কৰি বঙাইগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আহত আটাইকেইজন ব্যক্তি বিদ্যুৎ বিভাগৰ শ্ৰমিক বুলি জানিব পৰা গৈছে ৷

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পিছতে টোলগেট বহুৱাই যান-বাহনৰ পৰা উচ্চ হাৰত কৰ আদায় কৰি আহিলেও ৰাষ্ট্ৰীয় ঘাইপথত মেৰামতিৰ অভাৱত ঠায়ে ঠায়ে বিপদজ্জনকভাৱে গাঁত সৃষ্টিৰ হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ধংসৰ গৰাহত চামগুৰিৰ "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.