ETV Bharat / state

বৃহত্তৰ কোকিলা-গুনিয়ালগুৰীত পকী দলং নিৰ্মাণত ঠিকাদাৰৰ হেমাহি - Construction

বিগত 2017-18 বৰ্ষৰ মুখ্যমন্ত্ৰী পকী দলং আঁচনিৰ অধীনত ৰহা-চাকলা-কোকিলা মৰা মানাহ নৈৰ ওপৰত নিৰ্মীয়মাণ পকী দলংখন দুবছৰৰ পিছতো সম্পূৰ্ণ হৈ উঠা নাই ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসন,অভয়াপুৰী সমষ্টিৰ বিধায়কৰ লগতে সাংসদক অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Construction of bridge at  Kokila-Gunialguri
বৃহত্তৰ কোকিলা-গুনিয়ালগুৰীত পকী দলং নিৰ্মাণত ঠিকাদাৰৰ হেমাহি
author img

By

Published : Jun 10, 2020, 3:53 PM IST

জনীয়া,10 জুনঃ পকী দলং নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰ তথা গড়কাপ্তানী বিভাগৰ হেমাহিৰ বাবে যন্ত্ৰণা ভুগিব লগা হৈছে বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলা-গুনিয়ালগুৰী অঞ্চলৰ ৰাইজে ৷ জানিব পৰা মতে,বিগত 2017-18 বৰ্ষৰ মুখ্যমন্ত্ৰী পকী দলং আঁচনিৰ অধীনত ৰহা-চাকলা-কোকিলা মৰা মানাহ নৈৰ ওপৰত নিৰ্মীয়মাণ পকী দলংখন দুবছৰৰ পিছতো সম্পূৰ্ণ হৈ উঠা নাই ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসন,অভয়াপুৰী সমষ্টিৰ বিধায়কৰ লগতে সাংসদক অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

বৃহত্তৰ কোকিলা-গুনিয়ালগুৰীত পকী দলং নিৰ্মাণত ঠিকাদাৰৰ হেমাহি

ইয়াৰ উপৰি দলং নিৰ্মাণ নোহোৱাৰ বাবে বিকল্প হিচাপে যাতায়তৰ বাবে যোৱা বছৰ বানপানীৰ সময়ছোৱাত এখন বাঁহৰ সাঁকো বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ কৰি দিছিল যদিও সাঁকোখন মেৰামতি নকৰাৰ ফলত দৈনিক বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ অতি শীঘ্ৰে বিকল্প সাঁকোৰ মেৰামতিৰ লগতে পকী দলংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় মন্ত্ৰীৰ লগতে জিলা উপায়ুক্তক দাবী জনাইছে বৃহত্তৰ কোকিলা-গুনিয়ালগুৰী অঞ্চলৰ ৰাইজে ৷

লগতে পঢ়কঃ বিশাখাপট্টনমৰ গেছ নিৰ্গমণ সন্দৰ্ভত তদন্ত কমিটিয়ে ২২ জুনত চৰকাৰক দিব লাগিব প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.