ETV Bharat / state

১২ বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ’ল মাণিকপুৰৰ এটি পকী পথৰ - ১২ বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ’ল মাণিকপুৰৰ এটি পকী পথৰ

আজিও নিৰ্মাণ সম্পূৰ্ণ নহ'ল 2008 চনতে নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হোৱা মাণিকপুৰৰ এটি পকী পথৰ ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাতিলাদহা গাৰলেটিৰ পৰা ১ নং ধুপুৰীলৈ তিনি কিলোমিটাৰ দুৰত্বৰ পথছোৱাৰ নিৰ্মাণকাৰ্য 2008 চনতে আৰম্ভ হৈছিল ৷ কিন্তু, 12 বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল পথটোৰ ৷

AS_Bangaigaon_Construction of a road in Manikpur has not been completed in 12 years
১২ বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ’ল মাণিকপুৰৰ এটি পকী পথৰ
author img

By

Published : Jun 22, 2021, 9:34 AM IST

অভয়াপুৰী, 21 জুন : কংগ্ৰেছৰ আমোলত সংঘটিত হোৱা দুৰ্নীতি শেষ কৰি দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে 2016 চনত দিছপুৰৰ গাদী দখল কৰা বিজেপি মিত্ৰজোঁটে পুনৰ এবাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনতো ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ৷ শেহতীয়াকৈ ৰাজ্যৰ গ্ৰাম্য পথসমূহক পকী কৰা, বিধ্বস্ত পকী পথৰ মেৰামতি তথা বিভিন্ন স্থানত দলং নিৰ্মাণৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগ ৷

১২ বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ’ল মাণিকপুৰৰ এটি পকী পথৰ

পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত লোক নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহত ৰাইজৰ যাতায়াতৰ সমস্যা সমাধান কৰিবলৈ ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ ধন মোকলাই দিছিল ৷ অনুৰূপ ধৰণেৰে বৰ্তমানৰ চৰকাৰখনো বিভিন্ন ঠাইৰ পথ মেৰামতি তথা নিৰ্মাণৰ ক্ষেত্ৰত তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷

কিন্তু, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 2008 চনতে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হোৱা বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাতিলাদহা গাৰলেটিৰ পৰা ১ নং ধুপুৰীলৈ তিনি কিলোমিটাৰ দুৰত্বৰ পথছোৱাৰ নিৰ্মাণ আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল ৷ উল্লেখ্যে যে, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ২০০৮ চনতে প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰীয়ে পথটোৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে পথটো অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ লগতে পথটোৰ প্ৰায় ২০০ মিটাৰ অংশ পকী নকৰাকৈ পথতে যন্ত্ৰ-পাতি এৰি নিৰ্মাণ বন্ধ কৰি দিয়ে ৷ উল্লেখ্য যে, ১ কোটি ৯৮ লাখ ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উক্ত পথচোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি বা পথটোৰ বাকী অংশৰ নিৰ্মাণৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল চৰকাৰখনেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ঠিকাদাৰৰ গাফিলতিত ক্ষোভিত স্থানীয় ৰাইজে এতিয়া উক্ত পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰি ১২ বছৰ অতিক্ৰম কৰাৰ পাচতো নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক : হিতাধিকাৰীয়ে ফল নিদিলে: নাড্ডাই ৰণজিৎ দাসক দিলে নতুন ফৰ্মূলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.