ETV Bharat / state

Computer training Centre in Manikpur: মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত কম্পিউটাৰ শিক্ষাকেন্দ্ৰ মুকলি

author img

By

Published : Mar 2, 2023, 3:26 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত কম্পিউটাৰ শিক্ষাৰ ৰাষ্ট্ৰীয় ব'ৰ্ডৰ (National Bord of Computer Education) অধীনত মুকলি কৰা হয় কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ । এই কেন্দ্ৰটো মুকলি কৰে মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাই ।

Skill and Vocational Education
দক্ষতা আৰু বৃত্তিমূলক শিক্ষা গোটৰ কেন্দ্ৰ মুকলি

মাণিকপুৰ, ২ মাৰ্চ: বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ তত্বাৱধানত মাণিকপুৰ চি এছ চি সভাকক্ষত কম্পিউটাৰ শিক্ষাৰ ৰাষ্ট্ৰীয় ব'ৰ্ডৰ (National Bord of Computer Education) অধীনত দক্ষতা আৰু বৃত্তিমূলক শিক্ষা গোটৰ কেন্দ্ৰটো বৃহস্পতিবাৰে (Centre for Skill and Vocational Education Unit) মুকলি কৰা হয় । এই কম্পিউটাৰ শিক্ষা কেন্দ্ৰটো মুকলি কৰে মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাই ।

এই অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কৰুণাকান্ত ৰায়, অধ্যক্ষ মৰ্তুজ আলী আহমেদ, বিশিষ্ট সমাজকৰ্মী শৈলেন ৰায়ৰ উপৰি মহাবিদ্যালয়খনৰ অধ্যাপকসকল (Computer training Centre Inaugurated in Manikpur)। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ব্য়ক্তিসকলে বৰ্তমান ডিজিটেল ভাৰত তথা অসমৰ লগত ফেৰ মাৰিব পৰাকৈ কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজন আছে বুলি মন্তব্য় কৰে । বক্তাসকলে কয় যে সাম্প্ৰতিক কালত কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰি থকাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাতো অৱতীৰ্ণ হোৱা দৰকাৰ । এনে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে ছাত্ৰ-ছাত্ৰীসকলৰ কম্পিউটাৰ শিক্ষা থকাটো অতিকৈ জৰুৰী ।

মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ কম্পিউটাৰ শিক্ষাৰ লগতে অন্যান্য বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়ত সংযোজন কৰিলে "Skill and Vocational Education" শীৰ্ষক এক গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম । ছাত্ৰ-ছাত্ৰীসকলে সুবিধা অনুসৰি তিনিমহীয়া, ছয়মহীয়া আৰু এবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰি এই শিক্ষা গ্ৰহণ কৰি লাভবান হ'ব পাৰিব বুলি কয় অধ্যক্ষ মৰ্তুজ আলী আহমেদে । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্য়মিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে ফলাফল ঘোষণালৈ প্ৰায় তিনি মাহ সময় অবাবত নষ্ট নকৰি তিনি মহীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰি এই শিক্ষা গ্ৰহণ কৰিব পাৰে বুলি তেওঁ কয় ।

অধ্যক্ষ মৰ্তুজ আলী আহমেদে কয় যে স্নাতক বা আন পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলেও সময় পালে মাজে মাজে এইবোৰ শিক্ষা গ্ৰহণ কৰিব পাৰে । বৰ্তমান চৰকাৰী চাকৰিৰ বাবে সকলো বিভাগতে কম্পিউটাৰৰ শিক্ষা বাধ্যতামূলক হৈছে । সেইবাবে মাণিকপুৰত মুকলি হোৱা এই কেন্দ্ৰটোত ছাত্ৰ- ছাত্ৰীসকলে নামভৰ্তি কৰি নিজৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ তেওঁ কয় । উল্লেখ্য় যে এই কেন্দ্ৰটোত প্ৰথম বছৰৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ।

লগতে পঢ়ক:Older person and environmental protection campaign: ৭৫ বছৰতো পৰিবেশ সুৰক্ষা অভিযান, চাইকেলেৰে বাংলাদেশলৈ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.