ETV Bharat / state

Bongaigaon SP conference: চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলনৰ বাবে সাজু বঙাইগাঁও; অংশ ল’ব মুখ্যমন্ত্ৰীয়ে - বঙাইগাঁও

চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলনৰ বাবে সাজু বঙাইগাঁও জিলা প্ৰশাসন ৷ সন্মিলত অংশ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বঙাইজিলাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন অনুষ্ঠানতো অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Bongaigaon SP conference
Bongaigaon SP conference
author img

By

Published : Jul 26, 2023, 10:40 PM IST

চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলনৰ বাবে সাজু বঙাইগাঁও

চিৰাং, 26 জুলাই: বঙাইগাঁও জিলাত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ আৰক্ষী অধীক্ষকৰ চতুৰ্থ সন্মিলন ৷ এই কাৰ্যসূচীৰ লগতে জিলাখনৰ উদযাপন হ’বলগীয়া বিভিন্ন উন্নয়নমূলক আঁচনিৰ শিলান্যাস আৰু লোকাৰ্পণ কাৰ্যসূচী সামৰি জিলাখনৰ বিকাশ উৎসৱ হিচাবে কাইলৈ (27 জুলাই) বিয়লি দুই বজাত বঙাইগাঁও মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বৃহস্পতিবাৰে পুৱাৰ ভাগত উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত বৰঘোলা কীৰ্তনপাৰা সংযোগী প্ৰায় সত্তৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা পকী দলং মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও পৰিৱেশ উদ্যানত ইকো পাৰ্ক আৰু ৱাটাৰ পাৰ্ক মুকলি, জিলা পুথিভঁৰালত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন, ৰে’লৱে চিলাৰায় উৰণীয়া সেতুত থিম পাৰ্ক, বঙাইগাঁও ঔদ্যোগিক খেল পথাৰত নৱ নিৰ্মিত সভাকক্ষ মুকলি, পৰিৱেশ উদ্যান সংলগ্ন উদ্যানত এশ ফুট ওখ ৰাষ্ট্ৰীয় পতাকা স্থাপন আদি কাৰ্যসূচীত অংশ ল’ব ৷

একেদৰে বঙাইগাঁও ছহিদ বেদীৰ পৰা ঘোগীঘোপা পথৰ উন্নীতকৰণ, সৃজনগ্ৰামৰ ৰঘূনাথ মন্দিৰৰ উন্নয়নৰ আধাৰ শিলা, ধৰ্মপুৰ-বৰঘোলা পথৰ উন্নয়ন, তালগুৰি-বাসুগাঁও পথৰ উন্নীতকৰণ, নোৱাগাঁৱৰ পৰা দক্ষিণ নাম্বাৰপাৰা হৈ ৰাঙাপানীলৈ পথৰ উন্নীতকৰণ, আটুগাঁৱৰ পৰা ডাংতল হৈ চুঙাপতালৈ পথৰ উন্নীতকৰণ আৰু বঙাইগাঁও মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰিব ৷

আৰক্ষী অধীক্ষকসকলৰ চতুৰ্থ সন্মিলনৰ লগতে মুখ্যমন্ত্ৰীৰ বঙাইগাঁও ভ্ৰমণৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে চহৰখনৰ বহু ঠাইত আলোক সজ্জাৰ সজ্জিত কৰি তুলিছে ৷

লগতে পঢ়ক: Assam Police SP conference: সকলো আৰক্ষী অধীক্ষকৰ কাম-কাজৰ খতিয়ান দাখিলৰ নিৰ্দেশ গৃহ বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.