ETV Bharat / state

মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উদ্ধোধন কৰিলে বঙাইগাঁৱৰ শতবৰ্ষীয় ৰাস মহোৎসৱৰ

author img

By

Published : Nov 30, 2020, 9:47 PM IST

১৯২১ চনত আৰম্ভ হোৱা বঙাইগাঁৱৰ ৰাস মহোৎসৱ ১৯৪৭ চনৰ পৰা বৰ্তমানৰ গান্ধী ময়দানৰ লগতে লাগি থকা বাৰোৱাৰী পূজা মণ্ডপত উদযাপিত হৈ অহাৰ লগতে গান্ধী ময়দানত ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি মেলাও হৈ আহিছে ৷ কিন্তু এইবাৰ ক'ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত কেৱল ধৰ্মীয় পৰম্পৰা বৰ্তাই ৰাখি উদযাপন কৰা হ'ল ৰাস মহোৎসৱ ৷

Bongaigaon Rash inauguration
মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উদ্ধোধন কৰিলে বঙাইগাঁৱৰ শতবৰ্ষীয় ৰাস মহোৎসৱৰ

বঙাইগাঁও, 30 নৱেম্বৰ : ক‘ৰণা মহামাৰীৰ ফলত এইবাৰ ম্লান পৰিল বঙাইগাঁৱৰ ৰাস মহোৎসৱ ৷ এইবাৰ শতবৰ্ষ গৰকা ঐতিহাসিক ৰাস মহোৎসৱ বৃহৎ আয়োজনৰ সলনি অনুষ্টুপীয়াকৈহে উদযাপন কৰিবলগীয়া হ'ল শতবৰ্ষ ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে ৷

উল্লেখ্য যে, ১৯২১ চনত আৰম্ভ হোৱা বঙাইগাঁৱৰ ৰাস মহোৎসৱ ১৯৪৭ চনৰ পৰা বৰ্তমানৰ গান্ধী ময়দানৰ লগতে লাগি থকা বাৰোৱাৰী পূজা মণ্ডপত উদযাপিত হৈ অহাৰ লগতে গান্ধী ময়দানত ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি মেলাও হৈ আহিছে ৷ কিন্তু এইবাৰ ক'ভিড - ১৯ ৰ পৰিপ্ৰেক্ষিতত কেৱল ধৰ্মীয় পৰম্পৰা বৰ্তাই ৰাখি উদযাপন কৰা হ'ল ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি পুৱা শতবৰ্ষ ৰাস মহোৎসৱ উদযাপনৰ শুভ আৰম্ভণি কৰা হয় ৷ এই উপলক্ষে পুৱা শতবৰ্ষ ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি লক্ষ্মীকান্ত ৰায়ে পতাকা উত্তোলন কৰে ৷ ইয়াৰ পিচতে বঙাইগাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক অজিত কুমাৰ মজুমদাৰে স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে ৷

bongaigaon-rash-inauguration

সেইদৰে এই ৰাস মহোৎসৱে শতবৰ্ষত পদাৰ্পন কৰাৰ সময়ত ইতিমধ্যে চিৰ দিনৰ বাবে বিদায় লোৱা ৰাস মহোৎসৱখনৰ লগত জড়িত এশ এগৰাকী ব্যক্তিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ সন্ধিয়া প্ৰজ্বলন কৰা হয় এশ গছি বন্তি ৷ শতবৰ্ষ ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ কুমাৰ ভাগৱতীয়ে আঁত ধৰা এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত স্থানীয় বিধায়ক তথা ৰাজ্য চৰতাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে মুখ্য বন্তি প্ৰজ্বলক হিচাপেলউপস্থিত থাকি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ বন্তি প্ৰজ্বলন কৰি মন্ত্ৰী চৌধুৰীয়ে কয় যে, এইবাৰ এই ক'ভিড মহামাৰীৰ ফলত আমাৰ ৰাজ্য ,দেশ তথা দেশৰ লগতে সমগ্ৰ পৃথিৱীত যি এক পৰিৱেশৰ সৃষ্টি হৈছে তাৰ ফলত এইবাৰ আমাৰ দেশত পূজা- পাৰ্বনসমূহ যিটো উৎসাহেৰে উদযাপন কৰা হয় সেয়া হোৱা নাই ৷ বিভিন্ন ক'ভিড প্ৰট'কল মানি নীতি- নিয়মৰ মাজেৰে কাম - কাজ বিলাক কৰিবলগীয়া হৈছে ৷ যাৰ বাবে ৰাস মহোৎসৱ উদযাপন সমিতিয়ে শতবৰ্ষত উদযাপন কৰাৰ বাবে বিভিন্ন পৰিকল্পনা কৰিছিল যদিও ক'ভিডৰ বাবে সেয়া হৈ নুঠিল ৷ কিন্তু আমি শতবৰ্ষ উদযাপন কৰিমেই আৰু কৰিব লাগিব আৰু তাৰ কাৰণে সকলোৰে সহযোগিতা লাগিব বুলিও কয় ৷

ইয়াৰ পিচতে বঙাইগাঁৱৰ বিশিষ্ট ব্যক্তি, পকিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে ইতিমধ্যে ইহ সংসাৰৰ পৰা বিদায় লোৱা ৰাস মহোৎসৱখনৰ লগত জড়িত ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যসকলে বন্তি প্ৰজ্বলন কৰে ৷ অনুষ্ঠানত তেওঁলোকক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনাও জনোৱা হয় ৷ এই কাৰ্যসূচীৰ পিচতে শ্ৰী শ্ৰী ৰাধা- কৃষ্ণৰ পূজা অৰ্চনা , নাম অনুষ্ঠিত হয় ৷
লগতে পঢ়ক: তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ দাবী প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.