ETV Bharat / state

বানৰ কালৰূপঃ যোগীঘোপাত শতাধিক গাঁও জলমগ্ন

author img

By

Published : Jul 16, 2020, 7:11 PM IST

যোগীঘোপাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে । খেৰপুজীত বান সাহাৰ্যৰ দাবীত আমছুৰ প্ৰতিবাদ ।

Bongaigaon Protest for flood relief
বানে কালৰূপ ধাৰণ কৰিছে বঙাইগাঁৱৰ যোগীঘোপাত

বঙাইগাঁও,16 জুলাইঃ বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীঘোপাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে শেহতীয়া বান পৰিস্থিতিয়ে । ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ জলস্তৰ ফেনে-ফোটোকাৰে ক্ৰমাৎ বৃদ্ধি পাই থকাৰ ফলত অঞ্চলটোৰ অৰ্ধশতাধিক গাঁও ইতিমধ্যে বানৰ কৱলত পৰিছে । কাবাইটাৰী-চাপৰ সংযোগী গড়কাপ্তানি পথত এককাল পানী হোৱাত পথটোৰে সম্প্ৰতি যাতায়ত ব্যাহত হৈ পৰিছে । আনহাতে অঞ্চলটোত জিলা প্ৰশাসন তথা মহকুমা প্ৰশাসনে বানাক্ৰান্ত লোক সকলক বান সাহাৰ্য নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । বানাক্ৰান্ত লোক সকলোক বান সাহাৰ্য দিয়াত ব্যৰ্থতাৰ অভিযোগ উত্থাপিত কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে (উত্তৰ শালমাৰা জিলা সমিতিয়ে) খেৰপুজীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰী সকলে একাঁঠু পানীত নামি জিলা প্ৰশাসন,মহকুমা প্ৰশাসন,৬নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু বিধায়ক অনন্ত কুমাৰ মালোৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । উল্লেখ্য যে, অঞ্চলটোৰ পূৱ মাজেৰ আলগা পঞ্চায়তৰ ঈশ্বৰঝাৰী প্ৰথম আৰু দ্বিতীয় খণ্ড ,ভুতকুৰা তৃতীয় খণ্ড, কাইম মাজেৰ আলগা, সাতশ বিঘা চৰ , পশ্চিম মাজেৰ আলগা পঞ্চায়তৰ খৰচীমাৰী,খৰচীমাৰী এন চি, খৰচীমাৰী প্ৰথম খণ্ড, উচুংগাৰ চৰ , ঔডুবী পঞ্চায়তৰ ঔডুবি, দোগাচীপাৰা,খেলুৱাপাৰা চতুৰ্থ আৰু পঞ্চম খণ্ড,গাছপাৰা সুতিৰমুখ,কচুদোলা ,যোগীঘোপা পঞ্চায়তৰ চটপাৰা চৰ,কাবাইটাৰী পঞ্চায়তৰ মোহনপুৰ, বুঢ়ীৰ চৰ বানৰ কৱলত পৰিছে ৷ ইতিমধ্যে কচুদোলা, মাজেৰ আলগা এম, ই স্কুল, কেইবাটাও অস্থায়ী শিবিৰত দুই শতাধিক পৰিয়ালে আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে । সম্প্ৰতি বহু বানাক্ৰান্তই পশুধন সহ ওখ স্থানত স্থানত আশ্ৰয় লৈ মুকলি আকাশৰ তলতে দিন পাৰ কৰিব লগা হৈছে । অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলক বৰ্তমানেও প্ৰশাসনে বান সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । ফলত বানাক্ৰান্তৰ মাজত বৰ্তমান দেখা দিছে খাদ্য সংকটে ।

লগতে পঢ়কঃসাহায্য নাই : আশ্ৰয় শিবিৰত হাহাকাৰ কৰিছে বন্যাৰ্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.