বঙাইগাঁও, 17 আগষ্টঃ বঙাইগাঁৱত জব্দ বিক্ৰীৰ বাবে নিয়া ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ৷ বাহনৰে বিক্ৰীৰ বাবে লৈ যোৱাৰ সময়তে আছুৰ সদস্যৰ সহায়ত স্থানীয় ৰাইজে জব্দ কৰে চাউলখিনি ৷ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গৃহ ৱাৰ্ডতে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ ব্যাপক অনিয়মৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিততে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বঙাইগাঁও পৌৰসভাৰ ২৩ নং ৱাৰ্ডত থকা সূলভ মূল্যৰ দোকানৰ পৰা AS-19-AC-3830 নম্বৰৰৰ বলেৰো পিক আপ বাহন এখনত চাউল বোজাই দি থকা প্ৰত্যক্ষ কৰি আছু আৰু স্থানীয় লোকৰ সন্দেহ ওপজে ৷ ইয়াৰ পিছতে বেবি দে কানোনগো নামৰ মহিলা গৰাকীৰ মালিকানাধীন সূলভ মূল্যৰ দোকানখনত আহি আছু আৰু স্থানীয় যুৱকৰ দলে সোধ পোছ কৰাত চাউলখিনি কলৈ কঢ়িয়াই নিব তাৰ সঠিক উত্তৰ দিবলৈ সক্ষম নহয় ৷
আনহাতে, বেবি দে কানোনগোৰ স্বামী বাবলা কানোনগোই চাউলখিনি কনন্টেইনমেন্ট জ’নত থকা লোকৰ বাবে নিবলৈ ওলোৱা বুলি প্ৰকাশ কৰিলেও কোনো নথি পত্ৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় ৷ আনকি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ বস্তাৰ পৰা ছীল খুলি অন্য বস্তাত পেকেটিং কৰি চাউলখিনি বিক্ৰীৰ বাবে সাজু কৰে বুলি উল্লেখ কৰে ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ বস্তা সলনি কৰি নতুন বস্তাত ভৰোৱাৰ লগতে বহু খালী বস্তাও গুদাম গৃহত উদ্ধাৰ হয় ৷ পিছত ঘটনাৰ খবৰ পাই খাদ্য আৰু যোগান বিভাগৰ দল উপস্থিত হৈ চাউলখিনি জব্দ কৰে ৷
উল্লেখ্য যে, যোগান মন্ত্ৰীৰ সমষ্টিত প্ৰায়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী যোগানৰ অনিয়ম পোহৰলৈ অহাৰ পিচতো কোনো বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই । বঙাইগাঁও চহৰৰ যোগান মন্ত্ৰীৰ নিজৰ ৱাৰ্ডতে সংঘটিত এই কেলেংকাৰীত যোগান বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অপেক্ষাৰত বঙাইগাঁওবাসী ।
লগতে পঢ়কঃ প্য লাভৰ দাবীত মুছলপুৰত প্ৰতিবাদ