ETV Bharat / state

বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই অৱৰোধ - বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই অৱৰোধ

অতি শীঘ্ৰে গড়কাপ্তানী বিভাগে পথচোৱা মেৰামতি নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে স্থানীয় ৰাইজে ৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ ৩৫ বছৰৰ পৰা হৈ অহা বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে নিজেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।

বঙাইগাঁও জিলা
author img

By

Published : Oct 24, 2019, 3:10 PM IST

বঙাইগাঁও, 24 অক্টোবৰ: বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ বাসুগাঁও-তালগুৰী গড়কাপ্তানী পথত, পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ উক্ত বাসুগাঁও-তালগুৰী গড়কাপ্তানী পথৰ পঞ্চগাঁও এলেকাৰ পথচোৱা ক্ৰমাৎ জহি-খহি যোৱাত বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে পথচাৰীসকলে ৷ ফলত বহু সমস্যাৰ সন্মুখীন আহিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলবাসী ৷ উক্ত পথছোৱাৰ ফলত ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও কাণসাৰ নাই প্ৰতিনিধিৰ ৷ আনহাতে এই সম্পৰ্কত গড়কাপ্তানী বিভাগক বহুবাৰ অৱগত কৰোৱাৰ পিচতো কেনো গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে স্থানীয় ৰাইজৰ সহযোগত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতি

Intro:বঙাইগাঁৱৰ পঞ্চগাঁৱত পথ মেৰামতিৰ দাবীত পথ অৱৰোধ। বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই অৱৰোধ কাৰ্য্যসুচি । দীৰ্ঘদিনৰ পৰা বেয়া হৈ আছে পথচোৱা ।

Body:বঙাইগাঁও জিলাৰ বাসুগাঁও-তালগুৰী গড়কাপ্তানি পথৰ পঞ্চগাঁও এলেকাত পথচোৱা ক্ৰমাৎ জহি-খহি যোৱাত এক বিপদ সংকুল যাতায়ত কৰিবলগীয়া হৈছে পথচাৰী সকলে ৷ দীৰ্ঘ দিনৰ পৰাই বেয়া হৈ আছে পথচোৱা । এই ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকল নানা আহুকালৰ সন্মুখীন হৈছে ৷ এই সম্পৰ্কত গড়কাপ্তানি বিভাগক বহুবাৰ অৱগত কৰোৱাৰ পিছতো কেনো গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে স্থানীয় ৰাইজৰ সহযোগত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনহাতে উক্ত পথেৰে দীৰ্ঘদিনৰে পৰা শিলঘাগিৰী পাহাৰত অৱস্থিত শিলৰ কুঁৱেৰীৰ বাহন দিনে- নিশাই যাতায়ত কৰাত পথচোৱা খহি গৈছে বুলি অভিযোগ কৰিছে ৰাইজে ৷ এই ক্ষেত্ৰত অতি শীঘ্ৰে গড়কাপ্তানি বিভাগে পথচোৱা মেৰামতি নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে স্থানীয় ৰাইজে ৷ বঙাইগাঁও বিধান সভা সমষ্টীৰ ৩৫ বছৰৰ পৰা হৈ অহা বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফণীভূষন চৌধুৰী নিজেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।

বাইট : নন্দন দেৱ নাথ, সাধাৰন সম্পাদক বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি।

Conclusion:বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ প্ৰায় সংখ্যক জিলাৰ বাট-পথৰ উন্নয়ন কৰাত ব্যাৰ্থ হৈছে । ৰাজ্যৰ কোনো ক্ষেত্ৰতেই উন্নয়ন সাধিব নোৱাৰা অভিযোগ জনতাৰ ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.